NORTHEAST NOW (Assamese)
Popular Stories

ধৰ্ষণকাৰী বিজেপি নেতাক গ্ৰেপ্তাৰৰ দাবীত দীঘলী পুখুৰীত আপৰ প্ৰতিবাদ, প্ৰতিবাদকাৰীক আটক

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী May 15, 2023 4:52 pm

তিনিচুকীয়া জিলাৰ বৰডুবিত বিজেপিৰ বুথ সভাপতি সমুন্দ্ৰ ৰায়ক গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে আম আদমি পাৰ্টি, অসমৰ প্ৰতিবাদী সদস্য সকলক আটক কৰি লৈ যায় অসম আৰক্ষীয়ে।

আপৰ অসমৰ ৰাজ্যিক সমন্বয়ক ভবেন চৌধুৰীয়ে কয় যে ২০২৩ চনৰ ২০ মাৰ্চত ১৩ বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণ কৰি ভুক্তভোগী কিশোৰীৰ মাতৃক আত্মহত্যা কৰিবলৈ বাধ্য কৰাইছিল বিজেপিৰ সমুন্দ্ৰ ৰায় লিম্বু নামৰ ব্যক্তিগৰাকীয়ে।  ১৪ এপ্ৰিল আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল ভুক্তভোগীৰ মাতৃ।

উল্লেখ্য যে দেওবাৰে অৱস্থান কৰা প্ৰতিবাদকাৰী সকলৰ প্ৰতিবাদ বলপূৰ্বকভাবে বন্ধ কৰি দুখন বাছত উঠাই প্ৰতিবাদকাৰী সকলক লৈ যোৱা হয়।

আজি এই প্ৰতিবাদত যোগদান কৰা ১৩ বছৰীয়া ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ জ্যেষ্ঠ ভাতৃ আৰু পৰিয়ালৰ আন ৫ গৰাকীকো আৰক্ষীয়ে আটক কৰিছে।

উল্লেখ্য যে ২০২৩ চনৰ ২১ এপ্ৰিলত ৫৩ বছৰীয়া সমুন্দ্ৰ ৰায় লিম্বুৰ বিৰুদ্ধে ভুক্তভোগীৰ ভাতৃয়ে বৰডুবি থানাত ৪৩৪/২০২৩ নম্বৰৰ জি আৰ গোচৰ নং. ৩১/২০২৩ ত এজাহাৰ ৰুজু কৰাইছিল যদিও কিন্তু আজিলৈকে অপৰাধী গ্ৰেপ্তাৰ হোৱা নাই।

এই কাণ্ডই পৰিয়ালটোক ইমানেই আঘাত কৰিছে যে ভুক্তভোগী আৰু তেওঁৰ ভাতৃ দুয়োজনেই ন্যায়িক ব্যৱস্থাৰ প্ৰতি বিশ্বাস হেৰুৱাই পেলাইছে আৰু এতিয়া পিতৃ-মাতৃ দুয়োৰে মৃত্যুৰ পিছত তীব্ৰ দৰিদ্ৰতাত সন্মুখীন হ’বলগীয়া হৈছে।