NORTHEAST NOW (Assamese)
অসম

সকাহ! সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিক অগ্ৰিম জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 17, 2023 4:58 pm

অংকিতা দত্তৰ হাৰাশাস্তিৰ গোচৰত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিক উচ্চতম ন্যায়ালয়ে অগ্ৰিম জামিন প্ৰদান কৰিছে।

এজাহাৰ (এফ আই আৰ) দাখিল কৰাত এমাহ পলম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰে যে শ্ৰীনিবাস বি ভি অন্তৱৰ্তীকালীন সুৰক্ষাৰ বাবে যোগ্য।

এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই আৰু সঞ্জয় কেৰলৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে। শীৰ্ষ ন্যায়ালয়ৰ বিচাৰপীঠে অগ্ৰিম জামিনৰ পৰ্যায়ত সবিশেষ যুক্তিলৈ যোৱাৰ পৰা বিৰত থাকে।

“যদিও যুক্তিসমূহ দীঘলীয়াকৈ আগবঢ়োৱা হৈছে, এই পৰ্যায়ত আমি বিতংভাৱে বিবেচনা কৰাৰ উদ্দেশ্য নাই। ইতিমধ্যে নিষ্পত্তি কৰা হৈছে যে আগতীয়া জামিনৰ শুনানিৰ সময়ত প্ৰমাণৰ বিশদ পৰীক্ষা এৰাই চলিব লাগিব। আমি কেৱল ন্যূনতম তথ্য আৰু তাৰিখৰ কথাহে উল্লেখ কৰিম।’- আদালতে কয়।

ইয়াত ৫০ হাজাৰ টকাৰ বণ্ড প্ৰদান কৰি একে পৰিমাণৰ এজন বা দুজন জামিনৰ সৈতে তেওঁক আগতীয়াকৈ জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়া হৈছে।

শীৰ্ষ আদালতে লগতে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিক তদন্তত সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে অসম চৰকাৰকো জাননী জাৰি কৰে।

তেওঁৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ বাতিল কৰিবলৈ অস্বীকাৰ কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল শ্ৰীনিবাসে।

আৱেদনখনত কোৱা হৈছিল যে ছত্তীশগড়ত সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰা অপৰাধৰ তদন্ত বা এফআইআৰ ৰুজু কৰাৰ কোনো অধিকাৰ অসম আৰক্ষীৰ নাই।

এফ আই আৰত অসম কংগ্ৰেছৰ প্ৰাক্তন নেত্ৰী অংকিতা দত্তই অভিযোগ কৰে যে যোৱা ২৫ মাৰ্চত ৰায়পুৰৰ মেফেয়াৰ হোটেলত অনুষ্ঠিত কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশনৰ সময়ত হোটেলখনৰ প্ৰৱেশদ্বাৰত শ্ৰীনিবাসে তেওঁক হাৰাশাস্তি কৰিছিল, তেওঁৰ বাহুত ধৰাৰ লগতে অশ্লীল শব্দ ব্যৱহাৰ কৰি ভাবুকিও দিছিল।