NORTHEAST NOW (Assamese)
Popular Stories

পঢ়া-শুনাত একেবাৰেই মন নবহে? এইকেইটা ভুলৰ বাবেই শিক্ষাৰ্থীৰ জীৱনত অসম্পৰ্ণ হৈ ৰয় সাফল্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 19, 2023 7:06 am

পঢ়াশুনা কৰি কোনেনো ভাল পায়? কিতাপখন লৈ বহি থাকিলেও মনটো একেবাৰে বহি নাথাকে। আমাৰ বেছিভাগেই এনে সমস্যাৰ সন্মুখীন হয়। পৰীক্ষাৰ সময় ওচৰ চাপি অহাৰ লগে লগে পঢ়াৰ হেঁচা বাঢ়ি যায়। কিন্তু বছৰটোৰ ভিতৰত যদি অবিৰতভাৱে পঢ়া-শুনা কৰিলেও পৰীক্ষাৰ আগত মানসিক চাপ বেছি হয়। আচাৰ্য চাণক্যৰ মতে শিক্ষা অবিহনে সফলতা লাভ কৰিব নোৱাৰি। ছাত্ৰজনৰ ভৱিষ্যত সুন্দৰ আৰু মসৃণ কৰিবলৈ এইবোৰ কথা মনত ৰখা উচিত। সেইবোৰ কি কি জানি লও আহক।

চাণক্যই বিশ্বাস কৰিছিল যে প্ৰতিজন মানুহৰ সফলতাত শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিশুক সৰুৰে পৰা ভাল শিক্ষা আৰু সংস্কাৰ দিলে ভৱিষ্যতে তেওঁলোক ভাল মানুহ আৰু ছাত্ৰ-ছাত্ৰী হৈ উঠিব। কিন্তু এনেকুৱা কিছুমান ভুল আছে যিয়ে যিকোনো ছাত্ৰৰ কেৰিয়াৰক ক্ষতিগ্ৰস্ত কৰিব পাৰে। এই ভুলবোৰে ছাত্ৰ-ছাত্ৰীৰ সফলতাত বাধা হিচাপে কাম কৰে।

*চাণক্যই বিশ্বাস কৰিছিল যে লোভেই মানুহৰ পতনৰ কাৰণ। ছাত্ৰ-ছাত্ৰী যিমানেই পঢ়া-শুনাৰ প্ৰতি নিষ্ঠাবান হ’ব সিমানেই ভৱিষ্যতে সফল হ’ব। কিন্তু লোভৰ গ্ৰাসত  পৰা ছাত্ৰ-ছাত্ৰী সফলতাৰ পথৰ পৰা বিপথে পৰিচালিত হয়। এনে লোকে সোনকালে সফলতা লাভ নকৰে।

*চাণক্যৰ বিশ্বাস আছিল যে এজন ছাত্ৰৰ জীৱনত অনুশাসন থাকিলেহে তেওঁৰ ভৱিষ্যত উন্নত হ’ব পাৰে। অনুশাসনক সফলতাৰ প্ৰথম পদক্ষেপ হিচাপে গণ্য কৰা হয়। চাণক্যৰ মতে ভাল টোপনি আৰু ভাল খাদ্য ছাত্ৰ-ছাত্ৰীৰ বাবে ঔষধৰ দৰে যাৰ অভাৱে তেওঁলোকৰ সফলতাত বাধাৰ সৃষ্টি কৰে।

*যাৰ যেনে সংগ আছে, তেওঁৰ আচৰণো তেনেই হয়। ভাল বন্ধুৱে আপোনাক সফলতালৈ লৈ যায়। আনহাতে, ভুল সংগই ছাত্ৰ-ছাত্ৰীক নষ্ট কৰিব পাৰে। বেয়া নিচা, লোভ ইত্যাদি যেনেকৈ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ বাবে বিপদজনক, ভুল সংগয়ো জীৱনত বাধা হিচাপে কাম কৰে।

*চাণক্যই বিশ্বাস কৰিছিল যে যিজন ছাত্ৰৰ মাজত খং বেছি থাকে তেওঁ জীৱনত বহু সমস্যাৰ সন্মুখীন হয়। শান্ত মন আৰু ধৈৰ্য্যই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত উন্নত কৰে। যিজনে নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰাখিছে, তেওঁ যিকোনো বাধা সহজেই অতিক্ৰম কৰে।