NORTHEAST NOW (Assamese)
অসম

ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ প্ৰবক্তা তথা বডোছা কাকতৰ কাৰ্যবাহী সম্পাদক জিওৱাৰি বসুমতাৰীৰ আত্মহত্যা

Posted by: ৰিনয় বসুমতাৰী May 3, 2018 9:04 pm
FB_IMG_15253539424142814

ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ প্ৰবক্তা তথা বডোছা নামৰ বড়ো ভাষাৰ এখন দৈনিক বাতৰি কাকতৰ কাৰ্যবাহী সম্পাদক জিওৱাৰি বসুমতাৰীৰ আত্মহত্যাই কোকৰাঝাৰত ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে। জানিব পৰা মতে আজি ৰাতিপুৱা প্ৰায় ৮ মান বজাত বসুমতাৰীৰ বাসগৃহ তথা বডোছা পাব্লিকেশ্যনত ৩২ বছৰীয়া বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ হয়।

সদৌ অসম ক্ষুদ্ৰ বাতৰি কাকত মালিক সন্থাৰ প্ৰাক্তন সভাপতি তথা বডোছাৰ মুখ্য সম্পাদক প্ৰয়াত চিনো বসুমতাৰীৰ কন্যা জিওৱাৰি বসুমতাৰীয়ে মৃত্যুৰ সময়ত মাতৃ, বায়েক আৰু ভাতৃক এই সংসাৰত এৰি থৈ যায়।

কি কাৰণত জিওৱাৰি  বসুমতাৰীয়ে আত্মহত্যাৰ দৰে পথ বাচি ল’লে সেই সম্পৰ্কে পৰিয়ালৰ লোক জ্ঞাত নহয় বুলি পৰিয়ালৰ এক সূত্ৰই জানিবলৈ দিয়ে। জানিব পৰা মতে বুধবাৰে পৰিয়ালৰ লোকৰ সৈতে বসুমতাৰীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰি গুৱাহাটীৰ পৰা কোকৰাঝাৰলৈ নিশা প্ৰায় ১০ মান বজাত উভটি আহিছিল। গোটেই নিশা মাকৰ কোঠাতে কটোৱাৰ পাছত আজি ৰাতিপুৱা আত্মহত্যাৰ দৰে নিকৃষ্ট পথ বাচি লয়।

পৰিয়ালৰ লোকে মৃতদেহ দেখা পোৱাৰ লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত বসুমতাৰীৰ মৃতদেহ জন্মভূমি চিৰাং জিলাৰ কাসীকত্ৰাৰ ভাওলাগুৰিলৈ লৈ অনা হয় আৰু তাতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। প্ৰবক্তাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অজস্ৰ গুণমুগ্ধই তেওঁৰ বাসগৃহত ভিৰ কৰেহি আৰু শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

জিওৱাৰি বসুমতাৰীৰ মৃত্যু আমাৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে কোকৰাঝাৰ প্ৰেছ ক্লাবে। প্ৰেছ ক্লাবৰ সদস্য সকলে তেওঁৰ বিদেহী আত্মাই চিৰ শান্তি লাভ কৰাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

ইয়াৰ উপৰি ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ শিক্ষকসকলেও তেওঁৰ মৃত্য আচৰিত আখ্যা দিয়াৰ লগতে শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।