NORTHEAST NOW (Assamese)
Popular Stories

গৰ্ভধাৰণত অক্ষম যুৱতী! শৰীৰত মাতৃৰ জৰায়ু প্ৰতিস্থাপন মাতৃত্বপ্ৰয়াসী যুৱতীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 24, 2023 6:10 pm

মাতৃত্বপ্ৰয়াসী যুৱতীগৰাকী। প্ৰথম সন্তান জন্ম দিয়াৰ পাছতে এক অস্ত্ৰোপচাৰৰ জৰিয়তে জৰায়ু আঁতৰাই দিবলগীয়া গৈছিল। কিন্তু যুৱতী গৰাকীৰ আছিল পুনৰ সন্তান জন্ম দিয়াৰ তীব্ৰ ইচ্ছা। সেই ইচ্ছা পূৰণৰ বাবে যুৱতীগৰাকীয়ে কৰিলে কি?

যুৱতীগৰাকী অষ্ট্ৰেলিয়াৰ। নাম তেওঁৰ কিৰ্ষ্টীৰ। প্ৰথম সন্তান জন্ম দিয়াৰ পাছতে পুনৰ মাতৃ্ত্ব হোৱাৰ তেওঁৰ সকলো আশা নিৰ্বাপিত হয়। কাৰণ এক অস্ত্ৰোপচাৰত তেওঁৰ জৰায়ু আঁতৰাই দিবলগীয়া হ’ল।

ইয়াৰ পাছতে তেওঁ দ্বিতীয় সন্তান জন্ম দিবলৈ তীব্ৰ ইচ্ছা থাকিলেও সেয়া সম্ভৱ হোৱা নাছিল। অৱশেষত এটা উপায় উদ্ভাৱন কৰিলে।

কিৰ্ষ্টীৰ মাতৃ মিচেল ব্ৰায়াণ্টে নিজৰ জৰায়ু কন্যাক দিবলৈ স্থিৰ কৰিলে। মাতৃ মিচেলে কন্যা কিৰ্ষ্টীক জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ হিচাপে নিজৰ জৰায়ু প্ৰদান কৰে।

চিকিৎসকে মাতৃ মিচেলৰ জৰায়ু কন্যা কিৰ্ষ্টীৰ শৰীৰত সংৰোপণ কৰে। চিকিৎসকে কিষ্টীৰ শৰীৰত জৰায়ু সংৰোপণ কৰাৰ কেইসপ্তাহমানৰ পাছতে তেওঁৰ গৰ্ভধাৰণ কৰে।

প্ৰকাশ পোৱা মতে অষ্ট্ৰেলিয়াত এইটোৱেই হৈছে এই ধৰণৰ প্ৰথমটো জৰায়ু প্ৰতিস্থাপন অস্ত্ৰোপচাৰ।

৩০ বছৰীয়া কিৰ্ষ্টীৰ ঘৰ নিউ চাউথ ৱেলছ। ১৬ ঘণ্টাৰ দীঘলীয়া অস্ত্ৰোপচাৰৰ অন্তত কিৰ্ষ্টীৰ শৰীৰত জৰায়ু সফলতাৰে প্ৰতিস্থাপন কৰা হয়। কিৰ্ষ্টী এতিয়া গৰ্ভৱতী।

কিৰ্ষ্টীয়ে কয়, “মোৰ কেঁচুৱাটোৱে যি গৰ্ভত ডাঙৰ হৈ আছে, সেই গৰ্ভতে এসময়ত মই ডাঙৰ হৈছিলো বুলি ভাবিলে মই শিহৰিত হৈ উঠো। এই বছৰৰ শেষত মোৰ দ্বিতীয় সন্তানৰ জন্ম হ’ব। মই আচৰিত হৈছোঁ যে মোৰ শৰীৰে ইমান ডাঙৰ অস্ত্ৰোপচাৰ চম্ভালিব পাৰে। মায়ে মোক জীৱনৰ শ্ৰেষ্ঠ উপহাৰ দিলে। মাও বৰ সুখী।”

কিৰ্ষ্টীৰ জৰায়ুৰ লগত কোনো স্নায়ুৰ সংলগ্নতা নাই। গতিকে প্ৰসৱৰ বিষ আহিলেও কিৰ্ষ্টীয়ে অনুভৱ নকৰিব। এগৰাকী যুৱতীৰ গৰ্ভধাৰণ যথেষ্ট বিপদজনক। যুৱতীগৰাকী সকলো সময়তে চিকিৎসকৰ তত্বাৱধানত থাকিব লাগে। সফল অস্ত্ৰোপচাৰৰ পাছতে চিকিৎসকে এইদৰে কয়।