NORTHEAST NOW (Assamese)
দেশ

চিতা পুনৰ প্ৰৱৰ্তন কাৰ্যসূচীত বিঘিনি: নিৰীক্ষণৰ বাবে ১১ জনীয়া সমিতি গঠন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 26, 2023 9:36 pm
Cheetah Kuno National Park

দেশত বিলুপ্তি ঘটা চিতাৰ পুনৰ প্ৰৱৰ্তনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনামৰ্মে আফ্ৰিকান দেশৰ পৰা ভাৰতলৈ আমদানি কৰা হৈছিল চিতাৰ। আমদানি ঘটোৱা এই চিতাসমূহ মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হৈছিল।

কিন্তু কেন্দ্ৰৰ এই পৰিকল্পনাত নামি আহিছে বাধা। কুনোত মুকলি কৰা চিতাৰ এইপৰ্যন্ত তিনিটা প্ৰাপ্তবয়স্ক চিতা আৰু তিনিটা নৱজাত পোৱালীৰ মৃত্যু ঘটিছে। ইয়াৰ ফলশ্ৰুতিত চিতাৰ বাসস্থান আৰু বন্যপ্ৰাণী ব্যৱস্থাপনাৰ উপযুক্ততা সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছে।

এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে চিতা পুনৰ প্ৰৱৰ্তন কাৰ্যসূচীৰ অগ্ৰগতি, পৰ্যালোচনা আৰু নিৰীক্ষণৰ বাবে ১১ জনীয়া এখন উচ্চ পৰ্যায়ৰ পৰিচালনা সমিতি গঠন কৰিছে।

এই পেনেলে চিতা প্ৰকল্পৰ অগ্ৰগতি নিৰীক্ষণ কৰিব আৰু চিতা বাসস্থান ইক’ টুৰিজিমৰ বাবে মুকলি কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াব। গ্ল’বেল টাইগাৰ ফ’ৰামৰ সচিব প্ৰধান ৰাজেশ গোপালৰ নেতৃত্বত গঠিত হ’ব এই কমিটী।

এই উচ্চ পৰ্যায়ৰ পেনেলে প্ৰতিমাহে কমেও এখন সভা অনুষ্ঠিত কৰিব। দুবছৰৰ বাবে কাৰ্যক্ষম হৈ থাকিব এই পেনেল।

ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষই (এনটিচিএ) জাৰি কৰা কাৰ্যালয়ৰ স্মাৰকপত্ৰ অনুসৰি, পেনেলে মধ্যপ্ৰদেশ বন বিভাগ আৰু এনটিচিএক চিতা প্ৰৱৰ্তনৰ পৰ্যালোচনা, অগ্ৰগতি, নিৰীক্ষণ আৰু পৰামৰ্শ দিব।

উল্লেখ্য যে, কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাৰ মৃত্যুক লৈ উদ্বেগ প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। মধ্যপ্ৰদেশৰ বন বিভাগে এপ্ৰিল মাহত ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষলৈ এখন পত্ৰ যোগে কুনোৰ পৰিৱৰ্তে চিতাৰ বাবে বিকল্প স্থান বিচাৰিছিল।

ৰাষ্ট্ৰীয় উদ্যানখনত স্থান আৰু আন প্ৰয়োজনীয় সুবিধাৰ অভাৱৰ কথা উল্লেখ কৰি উচ্চতম ন্যায়ালয়েও চিতাক অন্য অভয়াৰণ্যলৈ স্থানান্তৰিত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল।