জানি লওঁক অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ সবিশেষ! সময় কিমান? ভাড়া কিমান?

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ উদ্বোধন কৰে। এই ৰে’লখন গুৱাহাটীৰ পৰা পশ্চিম বংগৰ জলপাইগুৰিলৈকে যাব।
এই খনেই হৈছে গুৱাহাটীক পশ্চিম বংগৰ নিউ জলপাইগুৰিৰ সৈতে সংযোগ কৰা উত্তৰ-পূবৰ প্ৰথমখন আৰু ভাৰতৰ ১৮ সংখ্যক বন্দে ভাৰত এক্সপ্ৰেছ।
যদিহে আপুনি নতুন বন্দে ভাৰত এক্সপ্ৰেছত ৰোমাঞ্চকৰ অভিজ্ঞতা লাভ কৰিবলৈ আগ্ৰহী তেন্তে ভাৰতীয় ৰে’লৱেই প্ৰৱৰ্তন কৰা এই অত্যাধুনিক ৰে’লযোগে আপোনাৰ আৰামদায়ক যাত্ৰাৰ বাবে কামত আহিব পৰা কিছুমান তথ্য ইয়াত উল্লেখ কৰা হৈছে।
বন্দে ভাৰত এক্সপ্ৰেছে ৪১১ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি প্ৰায় এঘণ্টাৰ যাত্ৰাৰ সময় ৰাহি কৰিব। গুৱাহাটী আৰু নিউ জলপাইগুৰি সংযোগী আন সকলো ৰে’লতকৈ ইয়াৰ গতিবেগ অধিক। পাঁচ ঘণ্টা ৩০ মিনিটত বন্দে ভাৰতে এই যাত্ৰা সামৰি ল’ব।
ভাৰতীয় ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প’ৰেশ্যনৰ ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি বন্দে ভাৰত এক্সপ্ৰেছৰ এচি চেয়াৰত গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ ১২২৫ টকা আৰু এক্সিকিউটিভ চেয়াৰত ২২০৫ টকা খৰচ হ’ব।
মঙলবাৰৰ বাহিৰে সপ্তাহৰ বাকী গোটেই কেইদিন এই ৰে’লখনে সেৱা আগবঢ়াব।
গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি অভিমুখী বন্দে ভাৰত এক্সপ্ৰেছে (ট্ৰেইন নং-২২২২৮) ৰ ষ্টেশ্যন সমূহ এৰাৰ সময় তলত উল্লেখ কৰা হ’ল –
গুৱাহাটীঃ ১৬:৩০ বজাত
কামাখ্যাঃ ১৬.৪০ বজাত
নতুন বঙাইগাঁওঃ ১৮.৩৫ বজাত
কোকৰাঝাৰঃ ১৮.৫৬ বজাত
নতুন আলিপুৰদুৱাৰঃ ১৯.৪৮ বজাত
নিউ কোঁচবিহাৰ: ২০.০২ বজাত
নতুন জলপাইগুৰিঃ ২২.০০ বজাত
আনহাতে নিউ জলপাইগুৰিৰ পৰা গুৱাহাটী অভিমুখী বন্দে ভাৰত এক্সপ্ৰেছৰ ষ্টেশ্যন সমূহ এৰাৰ সময়ৰ তালিকা তলত উল্লেখ কৰা হ’ল –
নতুন জলপাইগুৰি: ০৬:১০ বজাত
নিউ কোঁচবিহাৰ: ০৭.৩৫ বজাত
নতুন আলিপুৰদুৱাৰ: ০৭.৫০ বজাত
কোকৰাঝাৰঃ ০৮.৪০ বজাত
নতুন বঙাইগাঁও: ০৯.১৩ বজাত
কামাখ্যাঃ ১১.১৮ বজাত
গুৱাহাটীঃ ১১.৪০ বজাত
উল্লেখ্য যে বন্দে ভাৰত এক্সপ্ৰেছৰ এক্সিকিউটিভ চেয়াৰৰ ডবাত ৫২ জনকৈ বহিব পৰা যায়।
আনহাতে, সাধাৰণ চকীৰ ডবাত ৭৮ জনকৈ বহিব পৰা আৰু ড্ৰাইভিং ট্ৰেইলাৰ ডবাত ৪৪ জনকৈ লোকে যাত্ৰা কৰিব পাৰে।