NORTHEAST NOW (Assamese)
অসম

লিবিয়াত ২৩ জন আই এছ উগ্ৰপন্থীক মৃত্যুদণ্ড; ১৪ জনক যাৱজ্জীৱন কাৰাদণ্ড

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 30, 2023 1:21 pm

লিবিয়াৰ এখন আদালতে হত্যাকে ধৰি বিভিন্ন অপৰাধত আই এছ (ইছলামিক ষ্টেট)ৰ ২৩জন উগ্ৰপন্থীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ইয়াৰ উপৰিও ১৪ জনক যাৱজ্জীৱন কাৰাদণ্ড আৰু ১৪ জনক বিভিন্ন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। সোমবাৰে আদালতে এই ৰায়দান ঘোষণা কৰে।

দেশৰ ৰাজহুৱা পৰামৰ্শদাতা কাৰ্যালয়ে এক বিবৃতিত এই তথ্য প্ৰদান কৰে। বিবৃতিটোত এই কথাও উল্লেখ কৰা হৈছে যে আদালতে ৫জন লোকক দোষমুক্ত কৰিছে। আনহাতে, বিচাৰৰ সময়ত তিনিজনৰ মৃত্যু হয়।

লগতে পঢ়ক: অৰাজক ৰাজ! আমেৰিকাত স্মৃতি দিৱসৰ উদযাপন অনুষ্ঠানত গুলীচালনা; নিহত কমেও ১৬ জন

উল্লেখ্য যে ২০১১ চনত লিবিয়াত গণ অভ্যুত্থান হৈছিল। এই অভ্যুত্থানক সমৰ্থন কৰিছিল নাটোৱে।

সেই সুযোগতে আই এছৰ লিবিয়া শাখাটো অতি সক্ৰিয় হৈ উঠিছিল। তেওঁলোকে ২০১৫ চনত ত্ৰিপুলীৰ এখন হোটেলত আক্ৰমণ চলাই ৯ জন লোকক হত্যা কৰিছিল।

ইয়াৰ পূৰ্বে আই এছ উগ্ৰপন্থীয়ে কেইবাজনো ইজিপ্তৰ খ্ৰীষ্টানক অপহৰণ আৰু  হত্যা কৰিছিল। এই হত্যাকাণ্ডৰ ঘটনাসমূহ আনকি ভিডিঅ’ত বন্দী কৰি প্ৰচাৰো কৰা হৈছিল।