NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাই শালপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে ৩ জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ May 4, 2018 2:24 pm
ATTACHMENT

পথ দুৰ্ঘটনাই ক্ৰমাৎ কালৰূপ লৈছে সমগ্ৰ ৰাজ্যখনতে। বিভিন্ন অঞ্চলত নিতৌ সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুৱাইছে অজস্ৰজনে।

ইয়াৰ মাজতে আজি দিনৰ প্ৰায় ১১বজাত গোৱালপাৰা জিলাৰ কৃষ্ণাই শালপাৰাৰ মাজত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন স্ক’ৰপিঅ’ আৰু জাইলোৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয়। এই ভয়াৱহ সংঘৰ্ষটোৰ ফলত তিনিজন লোকৰ থিতাতে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে এই প্ৰচণ্ড সংঘৰ্ষৰ ফলত দুয়োখন গাড়ী পথৰ দাঁতিত লুটি খাই বাগৰি পৰে। পুৱাৰ পৰা ধাৰাষাৰ বৰষুণ দি থকাৰ ফলত এই সন্দৰ্ভত বিতং তথ্য জানিব পৰা হোৱা নাই।

আনহাতে স্কৰপিঅ’খনৰ আৰোহী গোৱালপাৰা জিলাৰ সহকাৰী আয়ুক্ত স্নিগ্ধামিঠা গুৰুতৰভাৱে আহত হোৱাত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা  হৈছে।

ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। অৱশ্যে কিহৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে সেই সন্দৰ্ভত এতিয়াও সবিশেষ জানিব পৰা হোৱা নাই।