মৰ্মান্তিক! গণেশগুৰিত ৰয়েল গ্ল’বেলৰ বাছৰ খুন্দাত কৰুণ মৃত্যু একাদশ শ্ৰেণীৰ ছাত্ৰীৰ

গুৱাহাটীৰ গণেশগুৰি অঞ্চলৰ ৰাজধানী মন্দিৰৰ সমীপত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এক ভয়ানক দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে নিহত হয় একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ।
জানিব পৰা মতে, নিজৰ জ্যেষ্ঠ ভগ্নীৰে সৈতে এখন স্কুটীত স্কুললৈ গৈ আছিল ছাত্ৰীগৰাকী। তেনেতে ৰয়েল গ্লবেল ইউনিভাৰ্চিটিৰ দ্ৰুতবেগী বাছ এখনৰ সৈতে স্কুটীখনৰ সংঘৰ্ষ হয়। স্কুটীৰ পৰা ছত্ৰীগৰাকী উফৰি পৰে আৰু লগে লগে বাছখনে সেই ঠাইৰ পৰা পলায়ন কৰে।
দুৰ্ঘটনাটোৰ ফলত ছাত্ৰীগৰাকী থিতাতে নিহত হোৱাৰ বিপৰীতে জ্যেষ্ঠ ভগ্নী গুৰুতৰভাৱে আহত হয়। ইতিমধ্যে আহত যুৱতীগৰাকীক হাস্পাতালত ভৰ্তি কৰোঁওৱা হৈছে।
মৃত ছাত্ৰীগৰাকী হৈছে হাতীগাঁও অঞ্চলৰ লিটিল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া কুমাৰী।
তথ্য অনুসৰি ৰয়েল গ্ল’বেল স্কুলৰ ‘AS-01-PC-7411’ নম্বৰৰ বাছখনৰ বিৰুদ্ধে হিট এণ্ড ৰাণ গোচৰ ৰুজু হৈছে।
লগতে পঢ়কঃ বিশ্ববিদ্যালয়ৰ চৌহদত গুলীচালনা : ৭ জন নিহত, চাৰিটা বন্দুক লৈ সোমাই আহিল ১৯ বছৰীয়া যুৱক