NORTHEAST NOW (Assamese)
অসম

ৰাজধানী দিল্লীকে ধৰি উত্তৰ ভাৰতৰ একাধিক স্থানত ভূমিকম্পৰ জোকাৰণি

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী June 13, 2023 2:58 pm

দিল্লীকে ধৰি উত্তৰ ভাৰতৰ একাধিক স্থানত ভূমিকম্পৰ জোকাৰণি অনুভুত হয়। মঙলবাৰে দুপৰীয়া প্ৰায় ১:৩০ বজাত এই ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হয়। জানিব পৰা গৈছে যে কম্পন ১০ ছেকেণ্ড ধৰি হৈছিল।

কিন্তু এই ভূমিকম্পৰ ফলত এতিয়াও কোনো লোকৰ হতাহতৰ খবৰ পোৱা হোৱা নাই। চণ্ডীগড়, পঞ্জাৱতো এই ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হৈছিল।

প্ৰাথমিক প্ৰতিবেদন অনুসৰি, জম্মু আৰু কাশ্মীৰৰ ডোডা জিলাৰ গান্দোহা ভেলেছা গাঁৱৰ পৰা ১৫ কিলোমিটাৰ দূৰত্বত, ভূগৰ্ভৰ ৬ কিলোমিটাৰ গভীৰত আছিল ইয়াৰ উৎপত্তিস্থল।

মঙলবাৰে দুপৰীয়া জম্মু-কাশ্মীৰতো শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হয়। ইউৰোপীয় ভূমধ্যসাগৰীয় ভূকম্পবিজ্ঞান কেন্দ্ৰই জনায় যে ভূমিকম্পৰ মাত্ৰা ৰিখটাৰ স্কেলত ৫.৪ আছিল।