NORTHEAST NOW (Assamese)
Popular Stories

চাণক্যৰ দুটা সৰু পৰামৰ্শ; জীৱনত আৰু আধৰুৱা নহ’ব আকাশলংঘী সফলতা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 19, 2023 7:13 am

প্ৰতিজন ব্যক্তিয়ে জীৱনত সফল হ’ব বিচাৰে কিন্তু সেই সফলতাৰ পথ একেবাৰে সহজ নহয়। মানৱ জীৱন উত্থান-পতন আৰু প্ৰত্যাহ্বানৰে ভৰা। সফল হ’ব বিচাৰিলে জীৱনৰ উত্থান-পতনৰ মাজেৰে পাৰ হ’ব লাগিব। জীৱনৰ বহু কথাৰ দৰেই মহামুনি চাণক্যৰো এই সফলতাৰ সমীকৰণৰ বিষয়ে নিজস্ব নীতি আছে।

চাণক্যৰ নীতিয়ে মানুহক সফলতাৰ পথত সঠিক দিশ নিৰ্দেশনা কৰে। সফল হোৱাৰ মূলতঃ দুটা উপাদান লাগে। পথটো সহজ নহয় যদিও বিচাৰি পোৱা যায়, এয়াই চাণক্যৰ নীতিৰ সাৰমৰ্ম। ভয়ৰ বিৰুদ্ধে যুঁজি সফল হ’বলৈ অতি গুৰুত্বপূৰ্ণ কথাবোৰ আঙুলিয়াই দিছে। অৱশ্যে যুঁজ এৰি পলাই যোৱাৰ কোনো পথ দেখুওৱা নাই।

কঠোৰ পৰিশ্ৰম

চাণক্যই কয় যে যিসকলে কঠোৰ পৰিশ্ৰম কৰিব পাৰে, তেওঁহে সফলতাৰ সুখ পায়। কঠোৰ পৰিশ্ৰম অবিহনে প্ৰগতি সম্ভৱ নহয়। এনে পৰিস্থিতিত কাম কৰিবলৈ ভয় কৰা ব্যক্তিয়ে সদায় সংগ্ৰাম কৰিবলগীয়া হয়, কিন্তু সফল নহয়। চাণক্যৰ মতে এনে লোকক মা লক্ষ্মীয়ে কৃপা নকৰে আৰু তেওঁলোকে গোটেই জীৱন কেবল ধনৰ কামনাহে কৰিব পাৰে। কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে সঠিক লক্ষ্যত উপনীত হোৱা সম্ভৱ

সমালোচনা

সমালোচনাই মানুহক প্ৰৰোচিত কৰে, আনকি বিৰক্তও কৰে। কিন্তু সফলতা বিচৰাসকলে এই সমালোচনাক মূৰত উঠি নাচিবলৈ নিদিয়ে। চাণক্যৰ মতে লক্ষ্যত উপনীত হোৱাৰ বাটত নিশ্চিতভাৱে এনে এটা সময় আহিব যেতিয়া আপোনাৰ কামৰ সমালোচনা কৰা হ’বই। এই সমালোচনাত ভয় কৰা ব্যক্তিয়ে নিজৰ গন্তব্য স্থান পাব নোৱাৰে।

সমালোচনা সফলতাৰ বাধা হৈ পৰাটো অতি সহজ, কিন্তু ইতিবাচকভাৱে ল’লে ই এক শক্তি। সমালোচনাত উত্তেজিত হ’লেই ভুল পদক্ষেপ লোৱাৰ সম্ভাৱনাৰ সৃষ্টি হয় আৰু আপোনাৰ প্ৰতিদ্বন্দ্বী সকলে এই সুযোগতে আপোনাৰ সফলতাৰ পথত কাঁইট সিঁচিব। গতিকে এই ভুল কেতিয়াও নকৰিব।