NORTHEAST NOW (Assamese)
Popular Stories

মাৰে হৰি ৰাখে কোন! বন্দুক চাফা কৰি থাকোঁতেই ভুলতে গুলী ফুটি মৃত্যু ব্যৱসায়ী সদাগৰ বৰুৱাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 20, 2023 8:59 pm

ধেমাজি ভাদ্ৰপাৰাত আজি পুৱা সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। খবৰ অনুসৰি, সদাগৰ বৰুৱা নামৰ এগৰাকী ব্যৱসায়ীয়ে নিজৰ ধেমাজিৰ ভদ্ৰপাৰাত থকা নিজ বাসগৃহত অনুজ্ঞাপত্ৰ থকা পিষ্টল চাফা কৰি থকা অৱস্থাতে দুৰ্ভাগ্যক্ৰমে পিষ্টলৰ পৰা গুলী ওলাই যায়। এইদৰে ভুলঃবশত ওলাই যোৱা গুলীয়ে ব্যক্তিজনৰ মূৰত আঘাত কৰে আৰু ব্যক্তিজন থিতাতে নিহত হয়।

জানিব পৰা মতে, মঙলবাৰে পুৱা প্ৰায় ১০.০০ বজাত চাফাইৰ বাবে অনুজ্ঞাপত্ৰ থকা পিষ্টলটো উলিয়াই লৈছিল বৰুৱাই। 

উল্লেখ্য যে মৃতকৰ পৰিয়ালৰ লোকে আৰক্ষীক জনাইছে যে এইটো এটা দুৰ্ঘটনা, কিন্তু স্থানীয় ৰাইজে ইয়াক আত্মহত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে।

পৰিয়ালৰ লোকৰ মতে বৰুৱা দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল যাৰ ফলত তেওঁ দুৰ্বল হৈ পৰিছিল। বুধবাৰে তেওঁক উন্নত চিকিৎসাৰ বাবে চেন্নাই চিকিৎসালয়লৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল পৰিয়ালটোৱে।

ধেমাজি চহৰত এটা মটৰ বাইক ডিলাৰ চলাই আছিল সদাগৰ বৰুৱাই ।

ধেমাজি আৰক্ষীয়ে পিষ্টলটো জব্দ কৰি মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰিছে।