NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটীত পঞ্চম মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে ৫৩ বছৰীয়া মহিলাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 20, 2023 9:14 pm

তিনিচুকীয়া জিলাৰ এগৰাকী ৫৩ বছৰীয়া মহিলাই গুৱাহাটীৰ এটা অট্টালিকাৰ পঞ্চম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

সোমবাৰে সন্ধিয়া গুৱাহাটীৰ মাণিক নগৰৰ শক্তি এনক্লেভত সংঘটিত সংঘটিত হৈছে এই ঘটনা।

ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

কৃষ্ণা শইকীয়া নামৰ মহিলাগৰাকীয়ে বেলকনিৰ পৰা জঁপিয়াই দিয়াৰ পিছতেই প্ৰত্যক্ষদৰ্শীয়ে মহিলা গৰাকীক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও তাতে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰা হয়।

মহিলাগৰাকীৰ এই চৰম সিদ্ধান্তৰ আঁৰৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে মহিলাগৰাকীয়ে যোৱা কেইমাহমানৰ পৰা হতাশাত ভুগি আছিল ।

অৱশ্যে সেই স্থানৰ পৰা এতিয়ালৈকে কোনো ছুইচাইড নোট উদ্ধাৰ হোৱা নাই। 

ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।