NORTHEAST NOW (Assamese)
Popular Stories

তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° কিশোৰ মোহন পাঠকৰ দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 21, 2023 9:14 am

তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য ড০ কিশোৰ মোহন পাঠকে মঙলবাৰে গুৱাহাটীস্থিত নিজৰ বাসগৃহত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

আজি দিনৰ ১২.০০ বজাত নৱগ্ৰহ শ্মশানত অন্তিম সংস্কাৰ সম্পন্ন কৰা হ’ব বিশিষ্ট শিক্ষাবিদগৰাকীৰ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰে। টুইটাৰত তেওঁ শোক প্ৰকাশ কৰি কয় যে, ‘ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ তথা তেজপুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য ড০ কিশোৰ মোহন পাঠকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। তেওঁৰ মৃত্যু ৰাজ্যৰ সামাজিক আৰু শৈক্ষিক খণ্ডৰ বাবে এক বৃহৎ ক্ষতি। তেখেতৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।”

উল্লেখ্য যে ড° পাঠকে গুৱাহ‍টী বিশ্ববিদ্যালয় আৰু লণ্ডনৰ ডাৰহাম বিশ্ববিদ্যালয়ত অধ্যাপনা আৰু গৱেষণা কৰিছিল।

অৱশেষত অসম বিজ্ঞান সমিতিৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানৰ লগতে, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰে।
তেখেতৰ মৃত্যুৱে ৰাজ্যৰ শৈক্ষিক আৰু বৌদ্ধিক সমাজত শোকৰ ছাঁ পেলাইছে।