NORTHEAST NOW (Assamese)
Popular Stories

লক্ষীমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত প্ৰেৰণা দিৱস উদযাপন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 21, 2023 2:35 pm

যশস্বী লেখক-কবি- গীতিকাৰ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ জন্মদিন উপলক্ষে লক্ষীমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু খেৰাজখাট সৃজনী শাখাৰ সহযোগত ‘প্ৰেৰণা দিৱস’ উদযাপন কৰা হয়।

বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি খেৰাজখাট কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়, ভোগপুৰত অনুষ্ঠিত হোৱা প্ৰেৰণা দিৱসত ড° নিৰ্মলপ্ৰভা বৰদলৈৰ কাব্যগ্ৰন্থ ‘দিনৰ পিছত দিন’ৰ বিশ্লেষনাত্মক বক্তৃতাৰ এখনি গুৰুত্বপূৰ্ণ আৰু মনোগ্ৰাহী প্ৰতিযোগিতা উদ্যোক্তাসকলে আয়োজন কৰে।

দিনযোৰা কাৰ্যসূচী মৰ্মে পুৱাৰ ভাগত পৰিৱেশ নিকাকৰণৰ পিছতেই লক্ষীমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী জয়া সেনাপতিয়ে পতাকা উত্তোলন কৰে। খেৰাজখাট কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লীলাকান্ত বৰুৱাই বিষ্ণুপ্ৰসাদ ৰাভা আৰু ড° নিৰ্মলপ্ৰভা বৰদলৈৰ আলোকচিত্ৰত মাল্যাৰ্পণেৰে বন্তি প্ৰজ্জ্বলন আৰু সৃজনী শাখাৰ প্ৰতিস্থাপক সভাপনেত্ৰী তথা জিলা সমিতিৰ উপ-সভানেত্ৰী কাঞ্চন হাজৰিকাই স্মৃতি তৰ্পণ কৰে।

মূল সভাত জিলা সমিতিৰ উপদেষ্টা স্বপ্না চেতিয়া গগৈয়ে উদ্বোধনী ভাষন প্ৰদান কৰাৰ লগে লগেই জিলা পৰ্যায়ৰ বক্তৃতা প্ৰতিযোগিতাখন আৰম্ভ হয়। লক্ষীমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত বিভিন্ন শাখাৰ ন-লেখিকা আৰু মহাবিদ্যালয় সমূহৰ পৰা অহা মুঠ ২৯ গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে সৃজনী শাখাৰ ক্ৰমে প্ৰীতিৰেখা ভূঞা আৰু পাহি ভূঞাই। অন্যহাতে পূবডিক্ৰং শাখাৰ গায়ত্ৰী ভূঞাই তৃতীয় পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে বিহপুৰীয়া শাখাৰ ৰঞ্জিতা গগৈয়ে লাভ কৰে উদগণিমূলক বঁটা।

উল্লেখ্য উক্ত প্ৰতিযোগিতাত বিচাৰক ৰূপে উপস্থিত থাকে দীপক বৰুৱা আৰু পূৰ্ণ বৰা। সমূহ কাৰ্যসূচী সফল কৰি তোলাৰ বাবে জিলা সম্পাদিকা সাধনা বৰদলৈ দত্ত, সৃজনী শাখাৰ সভানেত্ৰী-সম্পাদিকা অমি বৰা শইকীয়া, মানসী শইকীয়াই জিলাৰ দায়িত্বৰত বিষয়ববীয়া, অতিথি আৰু প্ৰতিযোগীসকলক ধন্যবাদ জনায়।