NORTHEAST NOW (Assamese)
Popular Stories

তেজপুৰ বিশ্ববিদ্যালয়ত ৰহস্যজনকভাবে উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 22, 2023 12:59 pm

হোষ্টেলৰ কোঠাত উদ্ধাৰ হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চতুৰ্থ ষান্মাসিকৰ এজন ছাত্ৰৰ মৃতদেহ।

ছাত্ৰজন পৰিৱেশ বিজ্ঞান বিভাগৰ নিলোৎপল গগৈ বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে নীলোৎপলৰ ঘৰ তিনিচুকীয়া জিলাৰ ডুমডুমাত। 

চিভি ৰমন হোষ্টেলত উদ্ধাৰ হৈছে ছাত্ৰগৰাকীৰ মৃতদেহ।

বৰ্তমান তেওঁৰ মৃত্যুৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই। ইতিমধ্যে তেজপুৰ বিশ্ববিদ্যালয়ে ছাত্ৰগৰাকীৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়েও তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।