NORTHEAST NOW (Assamese)
Popular Stories

নাবালিকাক ধৰ্ষণ কৰা বিশ্বজিতক ২০ বছৰ কাৰাদণ্ডৰ নিৰ্দেশ দিলে আদালতে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 24, 2023 6:13 pm

গোলাঘাট জিলাৰ নিম্ন আদালতে এজন লোকক ২০ বছৰৰ কাৰাদণ্ডৰ লগতে ৫০ টকা জৰিমনা বিহিছে। POCSO আইনৰ অধীনত শনিবাৰে নাবালিকা ছোৱালীক ধৰ্ষণ কৰাৰ অপৰাধত শাস্তি ঘোষণা কৰিছে আদালতে।

গোলাঘাটৰ POCSO আদালতে বিশ্বজিৎ বক্তি নামৰ লোকজনক চাৰি বছৰীয়া নাবালিকাক ধৰ্ষণ কৰাৰ দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰিছে।

উল্লেখ্য যে ২০২০ চনত নাবালিকা গৰাকী বিশ্বজিতৰ ধৰ্ষণৰ বলি হৈছিল।

সাতজন সাক্ষীৰ ভিত্তিত আদালতে বিশ্বজিতক ২০ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছে।

উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহত নিজৰ কন্যা সন্তানৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত ৰাজু নামৰ এজন ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। 

সূত্ৰ অনুসৰি ৰাজুৱে দুগৰাকী মহিলাক বিয়া কৰাইছিল। ৰাজুৱে দ্বিতীয় পত্নীক বিয়া কৰোৱাৰ আগৰে পৰা দ্বিতীয় পত্নীৰ এটি কন্যা সন্তান আছিল।  ঘৰত দ্বিতীয় পত্নী উপস্থিত নথকাত ৰাজুয়ে নাবালিকাগৰাকীক যৌন নিৰ্যাতন চলাইছিল। স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পিছতে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল।