NORTHEAST NOW (Assamese)
উত্তৰ-পূব

‘পৰিবেশ সুৰক্ষা সপ্তাহ’ উদ্‌যাপন ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ

Posted by: এন ই নাও নিউজ May 5, 2018 1:20 pm
ITBP-clean-570x320

উত্তৰ ছিকিমৰ চুংথাঙৰ সমীপস্থ পেগঙত বাহৰ পাতি থকা ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ (আই টি বি পি)ৰ একাদশ বেটেলিয়নে এপ্ৰিলৰ ২৭ৰ পৰা মে’ৰ ৪ তাৰিখলৈকে স্বচ্চ ভাৰত মিশ্যনৰ এটা অংশ হিচাপে ‘পৰিৱেশ সুৰক্ষা সপ্তাহ’ পালন কৰিছে।

গেংটকত প্ৰকাশ কৰা এটা সংবাদ টোকাত আই টি বি পিয়ে প্ৰকাশ কৰিছে যে বেটেলিয়নৰ কামাণ্ডেণ্ট ৰাজেশ কুমাৰ তোমৰৰ নেতৃত্বত পৰিৱেশ সুৰক্ষা সপ্তাহ পালন কৰা হয়।

এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল এই গোটটোৰ সৈতে ১৭,০০০ ফুট উচ্চতাত থকা নিৰীক্ষণ চকীসমূহ পৰিষ্কাৰকৈ ৰখা।

পৰিষ্কৰণ অভিযানৰ সময়ত বৰ্জ্য পদাৰ্থসমূহ সেইবোৰৰ শ্ৰেণী অনুসৰি স্থানান্তৰিত কৰা হৈছিল আৰু পুনৰ ব্যৱহাৰ্য সামগ্ৰীসমূহ ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে মেৰামতি কৰি লোৱা হৈছিল।

বিবৃত্তিটোত কোৱা হৈছে যে বৰ্জ্য পদাৰ্থসমূহ জৈৱ-পচনযোগ্য আৰু জৈৱ-পচনযোগ্য নোহোৱা হিচাপে চিহ্নিত আছুতীয়া স্থানত পেলোৱা হৈছিল। জৈৱ-পচনযোগ্য বৰ্জ্যসমূহ সাৰলৈ ৰূপান্তৰিত কৰাৰ কাৰ্যকৰী ব্যৱস্থাও গ্ৰহণ কৰা হৈছিল।

বিবৃতিটোত আৰু কোৱা হৈছে যে বেটেলিয়নৰ কামাণ্ডাৰ গৰাকীয়ে নিয়মিতভাৱে এনেধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰে আৰু বেৰেক, মেছ, কাৰ্যালয়, বিপণী আদি গোটৰ সদস্যসকলে নিয়মিত পৰিষ্কাৰ কৰে।

বিবৃতিটোত আৰু কোৱা হৈছে যে আই টি বি পিৰ দ্বাৰা গ্ৰহণ কৰা উদ্যোগত অসামৰিক প্ৰশাসন আৰু স্থানীয় বাসিন্দাসকল আনন্দিত, কাৰণ ইয়ে পেগং আৰু চুংথাঙৰ গাঁওসমহৰ সৌন্দৰ্য বৃদ্ধি কৰিব।