NORTHEAST NOW (Assamese)
অসম

আলতাফ মজিদৰ স্মৃতিত গুৱাহাটীত আয়োজন ‘চিনে আড্ডাবাজ’ : স্মাৰক বক্তৃতা প্ৰদান কৰিব জাহ্নু বৰুৱাই

Posted by: এন ই নাও নিউজ May 5, 2018 9:06 pm
altaf mazid

গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্চন হলত অহা ৬ মে’ৰ সন্ধিয়া ৫ বজাত আয়োজন কৰা হৈছে অসমৰ প্ৰথিতযশা চলচ্চিত্ৰ সমালোচক, পৰিচালক তথা সাংস্কৃতিক কৰ্মী আলতাফ মজিদৰ ব্যক্তিত্ব আৰু সান্নিধ্য বিষয়ক ‘চিনে আড্ডাবাজ’ ( Cine Addabaz ) শীৰ্ষক স্মাৰক বক্তৃতা। আয়োজকসকলে অনুষ্ঠানটোত সকলোৰে উপস্থিতি কামনা কৰিছে।

Cine Addabaz in guwahati

প্ৰখ্যাত চিনে’মা পৰিচালক জাহ্নু বৰুৱাই ‘সমান্তৰাল চলচ্চিত্ৰ আৰু উত্তৰাধিকাৰী’ বিষয়ত দ্বিতীয়বাৰৰ বাবে আয়োজিত এই স্মাৰক বক্তৃতাটো প্ৰদান কৰিব।

অনুষ্ঠানটোত মজিদৰ ‘বলিয়া পিতাইৰ চহকী চোতাল’ নামৰ চিনে’মাখন প্ৰদৰ্শন কৰা হ’ব। চিনে’মা পৰিচালিকা সান্ত্বনা বৰদলৈয়ে অনুষ্ঠানটোতে আলতাফ মজিদ নিৰ্মিত চিনে’মাসমূহৰ ‘ডিভিডি পেকেজ’ মুকলি কৰিব।

যোৱা ২০১৬ চনৰ গৰু বিহুৰ দিনা মৃত্যু হোৱা মজিদৰ স্মৃতিত ভাৰতীয় গণনাট্য সংঘ, প্ৰাগজ্যোতি সাংস্কৃতিক সমাজ, গুৱাহাটী চিনে ক্লাব, সাংস্কৃতিক গোষ্ঠী ‘সূৰ্য্য’ আৰু সৌৰভ কুমাৰ চলিহা অনুৰাগী সংস্থাৰ লগতে পৰিয়াল তথা বন্ধুবৰ্গই এই ‘চিনে আড্ডাবাজ’ অনুষ্ঠানটোৰ আয়োজন কৰি আহিছে।

গল্পকাৰ, চিনে’মাৰসিক দেৱব্ৰত দাসে ‘চিনে আড্ডাবাজ’ৰ যোৱা বছৰৰ স্মাৰক বক্তৃতাটো প্ৰদান কৰিছিল।

তাৰোপৰি ভাৰতীয় গণনাট্য সংঘৰ পৃষ্ঠপোষকতাত মজিদকে ধৰি সংঘৰ কৰ্মীসকলে ’৮০ৰ দশকত আৰম্ভ কৰা কিন্তু পিছলৈ বন্ধ হৈ পৰা চিনে’মা প্ৰদৰ্শনৰ অনুষ্ঠান ‘অন্বেষণ’ মজিদৰ স্মাৰক অনুষ্ঠানতে পুনৰ আৰম্ভ কৰা হ’ব বুলি উদ্যোক্তাসকলে জনাইছে।