NORTHEAST NOW (Assamese)
অসম

শপতনামাত স্বাক্ষৰ কৰিও শান্তি নাই, হোটেলত বন্দী অজিত শিবিৰৰ বিধায়ক; দিল্লীলৈ শাৰদ পাৱাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 6, 2023 11:01 am

আকৰ্ষণীয় হৈ উঠিছে এনচিপি বনাম এনচিপিৰ যুঁজ। খুড়া-ভতিজাৰ যুঁজ এতিয়া নিৰ্বাচন আয়োগৰ ওচৰ পাইছে। বুধবাৰৰ শক্তি প্ৰদৰ্শন বৈঠকৰ পিছত এফালে এনচিপিৰ অজিত পাৱাৰৰ শিবিৰ নিৰ্বাচন আয়োগৰ ওচৰলৈ গৈ দলৰ নাম আৰু প্ৰতীকৰ ওপৰত নিজৰ অধিকাৰ দাবী কৰে। আনপিনে, এনচিপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ গৈ আছে শাৰদ পাৱাৰ।

বুধবাৰৰ বৈঠকতে অজিত পাৱাৰে নিজৰ শিবিৰৰ বিধায়কৰ সৈতে এক শপতনামাত স্বাক্ষৰ কৰে। তথাপিও তেওঁ বিধায়কসকলক বিশ্বাস কৰিব পৰা নাই। জানিব পৰা মতে, অজিত পাৱাৰৰ শিবিৰৰ বিধায়কসকলক মুম্বাইৰ এখন হোটেলত নি ৰখা হৈছে।

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে নিযুক্তি লাভ আন এগৰাকী অসম সন্তান উজ্জল ভূঞাৰ

এনচিপিৰ প্ৰতিষ্ঠাপক প্ৰবীণ নেতা শাৰদ পাৱাৰ আজি পুৱা মুম্বাইৰ পৰা দিল্লী অভিমুখে ৰাওনা হয়। জানিব পৰা মতে, আজি বিয়লি ৩ বজাত দিল্লীত এনচিপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব। সেই সভাত অংশগ্ৰহণ কৰিবলৈ ওলাইছে শাৰদ পাৱাৰ।

সূত্ৰ অনুসৰি, দলৰ কৰ্তৃত্ব আৰু প্ৰতীক সন্দৰ্ভত অজিত পাৱাৰৰ শিবিৰে নিৰ্বাচন আয়োগক কৰা আবেদনৰ পৰিপ্ৰেক্ষিতত দলৰ ভৱিষ্যত সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে এই বৈঠক আহ্বান কৰা হৈছে। এনচিপিৰ কাৰ্যকৰী সভানেত্ৰী সুপ্ৰিয়া সুলেও এই বৈঠকত অংশগ্ৰহণ কৰিব।

আনহাতে, কালি এনচিপিৰ অজিত পাৱাৰ শিবিৰৰ নেতাসকলে শপতনামাত স্বাক্ষৰ কৰে যদিও মহাৰাষ্ট্ৰৰ নতুন উপ-মুখ্যমন্ত্ৰীগৰাকী আশ্বস্ত হ’ব পৰা নাই। সেইবাবেই বিধায়কসকলক মুম্বাইৰ এখন হোটেললৈ লৈ যোৱা হৈছে।

লগতে পঢ়ক: উইম্বলডনে ভংগ কৰিলে ১৪৬ বছৰীয়া নিয়ম; এতিয়া মহিলাসকলে পিন্ধিব পাৰিব ৰঙীণ অন্তৰ্বাস

বুধবাৰে মুম্বাইত এনচিপি দুই শিবিৰৰ যি বৈঠক হয়, তাত অজিত পাৱাৰ শিৱিৰৰ বৈঠকত এনচিপিৰ ৫৩ গৰাকী বিধায়কৰ ভিতৰত ৩২ গৰাকী বিধায়ক উপস্থিত থাকে। শাৰদ পাৱাৰৰ বৈঠকত মাত্ৰ ১৪ জন বিধায়কেহে অংশ লয়।