NORTHEAST NOW (Assamese)
Popular Stories

টুইটাৰৰ ‘শত্ৰু’ৰ আৱিৰ্ভাৱ! ইনষ্টাগ্ৰামে আনিছে নতুন এপ; কি কি সুবিধা আছে ইয়াত? চাওক সবিশেষ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 6, 2023 11:58 am

ইলন মাস্কে টুইটাৰৰ মালিকীস্বত্ব লোৱাৰ পিছৰে পৰা ব্যৱহাৰকাৰীসকলে বিভিন্ন নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হৈছে। কেতিয়াবা যদি ব্লু টিকত ধন খৰচ কৰিবলগীয়া হৈছে আৰু কেতিয়াবা কিমান টুইট চাব পাৰে তাৰ সীমাও বান্ধি দিছে। আৰু ঠিক টুইটাৰৰ এনেকুৱা ‘দাদাগিৰি’ৰ সময়তে ইনষ্টাগ্ৰামে এটা নতুন এপ আনি টুইটাৰক প্ৰত্যাহ্বান জনাইছে। এই নতুন প্লেটফৰ্মত কি কি সুবিধা পোৱা যাব সেই বিষয়ে এবাৰ চোৱা যাওক।

টুইটাৰৰ নতুন প্ৰতিযোগীৰ ব্ৰেণ্ড নাম হৈছে থ্ৰেডছ (Threads)। আজি ​​অৰ্থাৎ ৬ জুলাইত এই এপটোৱে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিছে। এতিয়া এই এপটো এপল এপ ষ্ট’ৰৰ পৰা ডাউনলোড কৰিব পাৰিব।

লগতে পঢ়ক: শপতনামাত স্বাক্ষৰ কৰিও শান্তি নাই, হোটেলত বন্দী অজিত শিবিৰৰ বিধায়ক; দিল্লীলৈ শাৰদ পাৱাৰ

বৃহস্পতিবাৰৰ পৰা এই এপটো ডাউনলোড হোৱাৰ বিপৰীতে যিসকলৰ ইনষ্টাগ্ৰাম একাউণ্ট আছে তেওঁলোকক আগতীয়াকৈ ‘বিশেষ নিমন্ত্ৰণ’ দিয়া হৈছে। যাতে তেওঁলোকে এই এপটোৰ সবিশেষ আগতীয়াকৈ জানিব পাৰে।

ইনষ্টাগ্ৰামত ‘threads’ বা ‘seymour’ বুলি চাৰ্চ কৰক আৰু চাৰ্চ বাৰৰ বাওঁফালে এটা টিকটৰ আইকন দেখা যাব। ইয়াত টেপ কৰক আৰু ইনষ্টাগ্ৰামে আপোনাৰ নামত এটা টিকট দিব। তাতেই আপোনাক জনোৱা হ’ব, ক’ৰ পৰা আপুনি ‘থ্ৰেড’ৰ ফিচাৰ্ছসমূহ ঘুকুটি চাব পাৰিব।

আই অ’ এছ আৰু এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে বিভিন্ন বিকল্প দিয়া হ’ব। iOS ব্যৱহাৰকাৰীসকলে ‘Get Threads’ বিকল্পটো দেখিব। তাৰ পৰা আপোনাক এপল এপ ষ্ট’ৰলৈ লৈ যোৱা হ’ব। আৰু যদি আপুনি এজন এণ্ড্ৰইড ব্যৱহাৰকাৰী তেন্তে আপুনি পাব ‘Reminder’ বুটাম। অৰ্থাৎ গুগল প্লে ষ্ট’ৰলৈ এপটো আহিলেই আপোনাক সোঁৱৰাই দিয়া হ’ব।

লগতে পঢ়ক: উইম্বলডনে ভংগ কৰিলে ১৪৬ বছৰীয়া নিয়ম; এতিয়া মহিলাসকলে পিন্ধিব পাৰিব ৰঙীণ অন্তৰ্বাস

চেলিব্ৰিটিয়েই হওক বা সংবাদ মাধ্যমেই হওক, যিকোনো বাতৰি, ছবি, ভিডিঅ’ শ্বেয়াৰ কৰাৰ বাবে টুইটাৰ হৈছে আটাইতকৈ জনপ্ৰিয় মঞ্চ। কিন্তু মেটাই দীৰ্ঘদিন ধৰি এই মাইক্ৰ’ ব্লগিং চাইটটোক টক্কৰ দিয়াৰ পৰিকল্পনা কৰিছিল। এই পৰিকল্পনা কাৰ্যকৰী হ’বলৈ ওলাইছে। টুইটাৰৰ সকলো ফিচাৰ্ছৰ লগতে ইয়াত আন কেইবাটাও আকৰ্ষণীয় ফিচাৰ্ছ থাকিব বুলি জানিব পৰা গৈছে।