NORTHEAST NOW (Assamese)
অসম

ক’তো নিৰাপদ নহয় সাংবাদিক! মেক্সিকোত ঘৰৰ পৰা তুলি নি হত্যা সাংবাদিকক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 9, 2023 3:13 pm

মেক্সিকোৰ আগশাৰীৰ জনপ্ৰিয় কাকত ‘লা জৰ্নাডা’ৰ এগৰাকী সাংবাদিকক ঘৰৰ পৰা তুলি লৈ গৈ হত্যা কৰিছে দুস্কৃতিকাৰীয়ে। শনিবাৰে দেশৰ নায়াৰী প্ৰদেশত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ।

নিহত সাংবাদিক লুইছ মাৰ্টিন চানচেজ ইনিগেজ (৫৯) আছিল ‘লা জৰ্নাডা’ৰ আঞ্চলিক প্ৰতিনিধি। তেওঁৰ পত্নী চেচিলিয়া লোপেজে তদন্তকাৰীক জনোৱা মতে, যোৱা বুধবাৰে নিশাৰ পৰা তেওঁ স্বামীৰ কোনো সন্ধান পোৱা নাছিল।

লগতে পঢ়ক: পুনৰ অশান্ত চুডান! সেনাৰ বিমান আক্ৰমণত নিহত ২২ জন, আহত বহু লোক

চেচিলিয়াই জানিবলৈ দিয়ে যে সেইদিনা তেওঁ আন এখন চহৰৰ আত্মীয়ৰ ঘৰলৈ গৈছিল। সেই নিশা ছানচেজে ঘৰতে আছিল আৰু তেওঁৰ লগত ফোনত কথা পাতিছিল।

নায়াৰীৰ প্ৰচিকিউটৰৰ কাৰ্যালয়ে এক বিবৃতিত কয় যে শেহতীয়াকৈ মুঠ তিনিজন লোকক অপহৰণ কৰা হৈছে, যিসকলৰ আটাইকেইজনেই বৰ্তমান বা শেহতীয়াকৈ সাংবাদিকতাৰ সৈতে জড়িত আছিল।

বিবৃতিটোত লগতে কোৱা হৈছে যে নায়াৰী প্ৰদেশৰ ৰাজধানী টেপিকৰ সমীপৰ এখন গাঁৱত সাংবাদিক ছানচেজৰ মৃতদেহ উদ্ধাৰ হৈছে। তেওঁৰ শৰীৰত কেইবাটাও আঘাতৰ চিন আছে। তদুপৰি, কাৰ্ডবৰ্ড এখনত লিখা মেছেজ এটা তেওঁৰ বুকুত সংলগ্ন হৈ আছিল।

লগতে পঢ়ক: গেৰুৱা হ’ল বন্দে ভাৰত এক্সপ্ৰেছ! নতুন ৰূপৰ ৰে’লখনৰ ছবি টুইটাৰত পোষ্ট মন্ত্ৰী বৈষ্ণৱৰ

অৱশ্যে বাৰ্তাটোত কি লিখা হৈছে সেই বিষয়ে বিবৃতিটোত উল্লেখ কৰা হোৱা নাই। ছানচেজে ব্যৱহাৰ কৰা কম্পিউটাৰ, মোবাইল ফোন আৰু এটা হাৰ্ড ডিস্ক বিচাৰি পোৱা হোৱা নাই।