NORTHEAST NOW (Assamese)
Popular Stories

হত্যাকাণ্ডৰ বিচাৰ : দোষীক ৯০ বছৰৰ কাৰাদণ্ড বিহিলে আমেৰিকাৰ আদালতে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 9, 2023 9:41 pm

২০১৯ চনৰ ৩ আগষ্ট তাৰিখে সংঘটিত হোৱা এটা হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্ত পেলাই ৯০ বছৰৰ কাৰাদণ্ড বিহিছে আমেৰিকাৰ আদালতে।

উল্লেখ্য যে আমেৰিকাৰ টেক্সাছৰ এল পাছ’ ৱালমাৰ্টত ২৩ জন লোকক হত্যা কৰা বন্দুকধাৰী পেট্ৰিক ক্ৰুছিয়াছক শুকুৰবাৰে ফেডাৰেল ন্যায়াধীশে ৯০বছৰৰ কাৰাদণ্ড বিহিছে। 

অভিযোগকাৰী সকলে আদালতক ২৪ বছৰীয়া পেট্ৰিক ক্ৰুছিয়াছক ঘৃণাজনিত অপৰাধ, বৰ্ণবাদ আৰু অবৈধ আগ্নেয়াস্ত্ৰ ৰখাকে ধৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিবলৈ পৰামৰ্শ দিছিল। 

উল্লেখ্য যে বিচাৰৰ সময়ত পেট্ৰিকে নিজৰ অপৰাধ স্বীকাৰ কৰিছিল। ২০১৯ চনত এল পাছ’ত সংঘটিত হোৱা গণহত্যাক লৈ চলিত বৰ্ষৰ আৰম্ভণিতে পেট্ৰিক ক্ৰুছিয়াছৰ বিৰুদ্ধে প্ৰায় ৫০টা ঘৃণাজনিত অপৰাধৰ অভিযোগ উত্থাপিত হৈছিল।

ঘটনা অনুসৰি যুৱকজনে এ কে চিৰিজৰ ৰাইফলেৰে হিস্পানিক লোকসকলক লক্ষ্য কৰি গুলীচালনা কৰিছিল।