NORTHEAST NOW (Assamese)
Popular Stories

মাহেকীয়া বন্ধ হৈ যোৱা মানেই অন্ত নহয় যৌন জীৱন, বহুতৰে আছে ভুল ধাৰণা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 14, 2023 8:20 pm

এটা নিৰ্দিষ্ট বয়সত মাহেকীয়া আৰম্ভ হোৱাটো স্বাভাৱিক আৰু প্ৰাকৃতিক নিয়ম। তেনেদৰে এটা এটা নিৰ্দিষ্ট বয়সৰ পিছত মাহেকীয়া বন্ধ হৈ যোৱাটোও স্বাভাৱিক। মাহেকীয়া বন্ধ হৈ যোৱা এই সময়ছোৱাকে ৰজোনিবৃত্তি বুলি জনা যায়। 

কিন্তু বহুতে ভাবে যে ৰজোনিবৃত্তি হ’ল যৌন জীৱনৰ অন্ত। এই বিষয়টোৰ ওপৰত কেইবাটাও ধাৰণা আছে। 

ৰজোনিবৃত্তি একেলগে নহয়।  ৰজোনিবৃত্তি প্ৰক্ৰিয়াৰ তিনিটা পৰ্যায় থাকে। প্ৰথম ৰজোনিবৃত্তি, দ্বিতীয় ৰজোনিবৃত্তি আৰু তৃতীয় ৰজোনিবৃত্তিৰ। তিনিৰ পৰা পাঁচ বছৰ আগতেই ৰজোনিবৃত্তি আৰম্ভ হয়। তাৰ পিছতহে ৰজোনিবৃত্তি প্ৰতিয়া সম্পূৰ্ণ হয়।

অনিদ্ৰা, যোনি শুকান হোৱা, ওজন বৃদ্ধি, অলসতা, অস্থিৰতা, একাগ্ৰতা হেৰুৱা, স্মৃতিশক্তি কম হোৱা, যৌন ইচ্ছা কমি যোৱা, ছাল আৰু মুখ শুকান হোৱাৰ অৰ্থ হ’ল যে ৰজোনিবৃত্তিৰ সময় আহি পৰিছে। 

ইয়াৰ লগতে চুলি সৰা, মূৰৰ বিষ, গাঁঠিৰ বিষ, পেশীৰ শক্তি কমি যোৱা, হৃদস্পন্দন দ্ৰুত হোৱা, মূৰৰ বিষ আদি সমস্যাৰ প্ৰতিও সাৱধান হওক।

ৰজোনিবৃত্তি হ’লে কঠিন হৈ পৰে নেকি যৌন সম্পৰ্ক?

বহুতে ভাবে যে যৌন সম্পৰ্কৰ সময়ত বিষ হোৱাটো ৰজোনিবৃত্তিৰ বাবে হয়। এই ধাৰণা ভুল। আচলতে ৰজোনিবৃত্তিৰ ফলত যোনি শুকান হৈ পৰে। কিন্তু সংগমৰ সময়ত শাৰীৰিক উত্তেজনা অনুভৱ কৰিলে কোনো বিষ নাথাকে।

ৰজোনিবৃত্তি মানে যৌন ইচ্ছা কমি যোৱা নেকি?

বহুতে ভাবে যে ৰজোনিবৃত্তি মানে যৌন ইচ্ছা কমি যোৱা। এনে ধাৰণা ভুল। বহু লোক ৰজোনিবৃত্তিৰ পিছত মানসিকভাৱে দুৰ্বল হৈ পৰে। সেইবাবেই যৌন জীৱনৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলায়। ইয়াৰ ফলত এনে অনুভৱৰ সৃষ্টি হ’ব পাৰে। কিন্তু ৰজোনিবৃত্তিৰ পিছতো বহুতো লোকে স্বাভাৱিকভাবে সংগম কৰি থাকে।