NORTHEAST NOW (Assamese)
Popular Stories

চন্দ্ৰলৈ যাবলৈ ইমান খৰছ কৰাৰ কি প্ৰয়োজন, ইয়াৰ পৰাই দেখোন দেখা যায় জোন – পাকিস্তানৰ মন্ত্ৰীৰ ঠাট্টা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 16, 2023 5:56 pm

চন্দ্ৰযান-৩ সফল উৎক্ষেপণৰ পিছৰে পৰা সমগ্ৰ বিশ্বই ভাৰতীয় বিজ্ঞানী আৰু ইছৰোক প্ৰশংসা কৰিছে। আমেৰিকা, চীন, ইউৰোপ, ৰাছিয়াকে ধৰি বহু মহাকাশ সংস্থাইও শুভেচ্ছা জনঈছে ইছৰোক। পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰী ফাৱাদ চৌধুৰীয়েও ভাৰতীয় বিজ্ঞানী আৰু ইছৰোক অভিনন্দন জনায়।

কিন্তু ইয়াৰৰ মাজতে তেওঁৰ এটা পুৰণি ভাষণ ভাইৰেল হৈ পৰিছে য’ত তেওঁ পূৰ্বৰ চন্দ্ৰ অভিযানৰ সম্পৰ্কত নিজৰ মতামত দিয়া দেখা গৈছে। 

ইমৰাণ খানৰ চৰকাৰৰ দিনত দেশখনৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী হৈ থকাৰ সময়তে তেওঁ এই মন্তব্য কৰিছিল। তেওঁ এনে শিশুসুলভ বক্তব্য দিছিল যে পাকিস্তানৰ জনসাধাৰণৰ লগতে সমগ্ৰ বিশ্বই তেওঁক হাঁহিছিল।

পাকিস্তানৰ এটা ব্যক্তিগত টিভি চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যেতিয়া তেওঁক চন্দ্ৰযানৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ কয় যে আমাৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ দৃষ্টিভংগী বেলেগ। সময় নষ্ট কৰাৰ প্ৰয়োজন নাই। আমি চন্দ্ৰক খালী চকুৰে চাব পাৰো, তাৰ অৱস্থান জানো, কেতিয়া উদয় আৰু অস্ত যায় আমি জানো। গতিকে ইমান কষ্ট আৰু খৰচৰ কি প্ৰয়োজন। 

চন্দ্ৰযান-২ অভিযানৰ আংশিক বিফলতাৰ পাছতো ভাৰতক সমালোচনা কৰিছিল ফাৱাদ চৌধুৰীয়ে। অৱশ্যে চন্দ্ৰযান-৩ অভিযানত তেওঁ অভিনন্দন জ্ঞাপন কৰিছে। 

ফাৱাদ চৌধুৰী ইমৰাণ খান চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী আছিল। শেহতীয়াকৈ তেওঁ লিখিছে যে, ‘চন্দ্ৰযান-৩ উৎক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ আৰু বিজ্ঞানী সমাজলৈ অভিনন্দন।” এই মন্তব্য কৰাৰ পিছত ফাৱাদ চৌধুৰীয়ে সকলোকে স্তম্ভিত কৰি তুলিছিল, কিয়নো তেওঁ ভাৰতৰ চন্দ্ৰযান ২ ৰ অভিযানক উপহাস কৰিছিল।