NORTHEAST NOW (Assamese)
অসম

INDIA বনাম NDA : বিৰোধীক আক্ৰমণ কৰিবলৈ গৈ ফান্দত পৰিল মুখ্যমন্ত্ৰী হিমন্ত!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 19, 2023 11:57 am

বিৰোধী ঐক্যৰ নতুন নাম ‘INDIA’ ঘোষণা কৰাৰ পাছতে  অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই নিজৰ টুইটাৰ হেণ্ডলৰ বায়’ৰ আঁতৰাই পেলাইছে ‘INDIA’। ইয়াৰ ঠাইত সন্নিৱিষ্ট কৰিছে ‘ভাৰত’।

উল্লেখ্য, বাংগালুৰুত অনুষ্ঠিত বিৰোধী ঐক্যৰ দ্বিতীয়খন দুদিনীয়া বৈঠকৰ অন্তত সম্বোধন কৰা সংবাদ মেলত বিৰোধী নেতৃত্বই বিৰোধী ঐক্যৰ নাম পূৰ্বৰ ইউপিএৰ পৰিৱৰ্তে ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুছিভ এলায়েন্স চমুকৈ INDIA ৰখা বুলি ঘোষণা কৰে। বিৰোধী নেতৃত্বই লগতে কয় যে নতুন INDIAৰ পতাকাৰ অধীনতে বিৰোধী দলবোৰে ঐক্যৱদ্ধভাৱে বিজেপিৰ নেতৃত্বাধীন এনডিএৰ বিৰুদ্ধে যুঁজ কৰাৰ লগতে নহয় ২০২৪ৰ নিৰ্বাচনতো অৱতীৰ্ণ হ’ব।

বিৰোধী ঐক্য INDIA নাম বাচি লোৱাৰ বাতৰি প্ৰকাশ পোৱা পাছতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক এসেকা দিবলৈ টুইটাৰ বায়’ৰ পৰা ‘INDIA’ আঁতৰাই তাৰ ঠাইত ‘ভাৰত’ সংযোজন কৰিছে৷ কিন্তু বিৰোধীক এসেকা দিবলৈ গৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিজে পতা ফান্দত নিজেই যেন ভৰি দিলে।

বায়’ সলনিৰ সন্দৰ্ভত নিজৰ যুক্তি দি বিৰোধীক কটাক্ষ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ব্ৰিটিছে এই দেশৰ নাম ‘INDIA’ ৰাখিছিল আৰু আমাৰ সংগ্ৰাম হ’ব লাগে জাতিটোক ‘ঔপনিৱেশিক উত্তৰাধিকাৰৰ’ পৰা মুক্ত কৰা।

মুখ্যমন্ত্ৰী শৰ্মাই টুইট কৰি লিখিছে, “আমাৰ সভ্যতাকেন্দ্ৰিক যুঁজখন ‘INDIA’ আৰু ‘ভাৰত’ক কেন্দ্ৰ কৰি চলি আছে। ব্ৰিটিছে আমাৰ দেশৰ নাম ‘INDIA’ ৰাখিছিল। আমি ঔপনিৱেশিক উত্তৰাধিকাৰৰ পৰা নিজকে মুক্ত কৰিবলৈ চেষ্টা কৰিব লাগিব।আমাৰ পূৰ্বপুৰুষসকলে ভাৰতৰ বাবে যুঁজিছিল, আৰু আমি ভাৰতৰ বাবে কাম কৰি যাম।”

 

 

এই টুইটৰ পিছতে কংগ্ৰেছে আক্ৰমণ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাক। কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ‘ভাৰত’ৰ হৈ ওকালতি কৰা মুখ্যমন্ত্ৰী শৰ্মাৰ গুৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ চৰকাৰী আঁচনিবোৰ নাম ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, স্কীল ইণ্ডিয়া আদি ৰাখিছে বুলি কটাক্ষ কৰে।

“অসমৰ মুখ্যমন্ত্ৰীৰ মুখখন টেঙা আঙুৰেৰে ভৰি আছে নেকি? তেওঁৰ নতুন গুৰু প্ৰধানমন্ত্ৰী মোদীয়ে আমাক স্কিল ইণ্ডিয়া, ষ্টাৰ্ট-আপ ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়া— এই সকলোবোৰ নতুন নাম দিলে। তেওঁ (প্ৰধানমন্ত্ৰী মোদী) বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক ‘টিম ইণ্ডিয়া’ হিচাপে একেলগে কাম কৰিবলৈ আহ্বান জনাইছিল। আনকি প্ৰধানমন্ত্ৰী মোদীয়ে ‘ভোট ইণ্ডিয়া’ৰো আবেদন জনাইছিল!” এইদৰে টুইট কৰি মুখ্যমন্ত্ৰী শৰ্মাৰ কটা ঘাত চেঙা তেল দিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে।