NORTHEAST NOW (Assamese)
Popular Stories

বিজেপিৰ ৰণনীতিকাৰ সুভ্ৰস্থাৰ উত্তৰ পূৰ্বাঞ্চলৰ মহিলাক লৈ কৰা নীচ মন্তব্যক গৰিহণা আপ অসমৰ মহিলা শক্তিৰ 

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 23, 2023 9:00 pm

এক টিভি অনুষ্ঠানত বিজেপিৰ ৰণনীতিকাৰ সুভ্ৰস্থাই মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে ক’বলৈ গৈ উত্তৰ পূৰ্বাঞ্চলৰ মহিলা সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে আপ অসমৰ মহিলা শক্তিয়ে।

মহিলা শক্তিৰ সভানেত্ৰী অনুৰূপা বড়োৱে এক বিবৃতিযোগে কয় যে যোৱা তিনি মাহে মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিজেপি নেতৃত্বাধীন মণিপুৰ আৰু কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ বিষয়টো কেতবোৰ টুলুঙা মন্তব্য দি তথা উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাৰ মৰ্যদা হানিকৰ কথা কৈ নিজৰ ব্যৰ্থতা ঢাকিবলৈ অপচেষ্টা কৰিছে।

সুভ্ৰস্থা নামৰ মহিলাগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ মহিলাই শৰীৰক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে বুলি যি ভয়ানক মন্তব্য কৰিছে, সেয়া উত্তৰ পূৰ্বাঞ্চলৰ মহিলাক অকল অপমানেই কৰা নাই, বৰং এই অঞ্চলৰ পৰম্পৰাকো ভুলকৈ উপস্থাপন কৰিছে।

ইতিহাসৰ দিনৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ মহিলাক সমাজত আগ স্থান দি অহা হৈছে, মহিলাৰ সন্মান অক্ষুন্ন ৰখা প্ৰতিখন সমাজে অগ্ৰাধিকাৰ দি আহিছে। এই অঞ্চলতে মাতৃপ্ৰধান সমাজব্যৱস্থা এতিয়াও বৰ্তি আছে, যৌতুকৰ দৰে কু-প্ৰথা উত্তৰ ভাৰতীয় সমাজৰ পৰা এই অঞ্চলত প্ৰৱেশ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ সমাজ ব্যৱস্থাৰ বিষয়ে সম্পূৰ্ণ অজ্ঞ বিজেপিৰ এই  মহিলাগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ মহিলাক লৈ দিয়া মন্তব্য গৰিহণাযোগ্য হোৱাৰ লগতে অক্ষমনীয় অপৰাধো।