NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মণিপুৰ সম্পৰ্কে মৌন হৈ থকা মোদীয়ে ৰাজস্থানত দিলেগৈ ‘বেটী বাচাও’ শ্লগান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 27, 2023 5:47 pm

মণিপুৰৰ গোষ্ঠীগত সংঘাত সম্পৰ্কে এতিয়াও মুখ মেলা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মণিপুৰত মহিলাক উলংগ কৰি পেৰেড কৰোওৱা ঘটনা সম্পৰ্কত আলোচনা কৰিবলৈ বিচৰা নাই নৰেন্দ্ৰ মোদীয়ে। যাৰ বাবে সাংবাদিক আৰু সংসদৰ পৰাও আঁতৰি ফুৰিছে প্ৰধানমন্ত্ৰীগৰাকী।

মণিপুৰক লৈ নিমাত হৈ থকা মোদীয়ে বৃহস্পতিবাৰে নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ কথা ক’লে। বহুদিনৰ মূৰত ৰাজস্থানৰ ছিকাৰত এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীৰ মুখত শুনা গ’ল ‘বেটি বাচাও’ শ্লোগান।

কংগ্ৰেছ শাসিত ৰাজস্থান ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া এটা শ্লোগান মাত্ৰ, ‘নেহী সাহেগা ৰাজস্থান’।

ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ” যথেষ্ট হৈছে।” 

লগতে মোদীয়ে কয়, ”ৰাজস্থান সাহস আৰু বীৰত্বৰ ভূমি। ৰাজস্থানীসকলে ভিক্ষা নকৰে। সেইবাবেই সমগ্ৰ দেশতে এটা গৰ্জন, প্ৰতিজন ৰাজস্থানীৰ এটা সংকল্প আৰু এটা শ্লোগান, ‘বেহেন, বেটীও পৰ তিৰাচা, নেহি সাহেগা ৰাজস্থান’।

বিৰোধী শাসিত ৰাজ্যখনৰ নাৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে মুকলিকৈ বিৰোধিতা কৰাৰ বিপৰীতে বিজেপিশাসিত মণিপুৰৰ নাৰী নিৰ্যাতনৰ সম্পৰ্কে একো নোকোৱাক লৈ কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।