NORTHEAST NOW (Assamese)
Popular Stories

নীলা-সেউজীয়া ৰঙৰ বৰ্ণচ্ছটা! চন্দ্ৰৰ কক্ষপথত উপনীত হৈয়েই প্ৰথম ছবি প্ৰেৰণ চন্দ্ৰযান-৩ৰ (ভিডিঅ’)

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 7, 2023 8:52 am

ইতিমধ্যে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছে চন্দ্ৰযান-৩য়ে। ভাৰতীয় মহাকাশ আৰু গৱেষণা সংস্থাই (ইছৰো) চন্দ্ৰটো তাৰ পৰা কেনেকুৱা দেখা যায় আৰু চন্দ্ৰযান-৩য়ে নিজৰ দৃষ্টিৰে চন্দ্ৰক কেনেদৰে দেখিছে সেই ছবি প্ৰেৰণ কৰিছে। ভাৰতীয় মহাকাশ সংস্থাই মুকলি কৰিছে সেই অপৰূপ মুহূৰ্তৰ ভিডিঅ’।

দেওবাৰে নিশা প্ৰায় ১১ বজাত চন্দ্ৰযান ৩ৰ ডাঙৰ ‘পৰীক্ষা’ৰ পূৰ্বে প্ৰকাশ কৰা ৪৫ ছেকেণ্ডৰ ভিডিঅ’টোত দেখা গৈছে যে চন্দ্ৰটো ডাঙৰ হৈ আহিছে। অলপ নীলা-সেউজীয়া দেখা গৈছে। সময়ৰ লগে লগে চন্দ্ৰৰ বুকুৰ ‘ক্ষতচিহ্ন’বোৰ ডাঙৰ হৈ আহিছে। যিহেতু চন্দ্ৰযান-৩য়ে চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে, গতিকে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ কাষৰ অংশও সেই ভিডিঅ’টোত দেখা গৈছে।

যোৱা ১৪ জুলাইত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ‘বাহুবলী’ এলভিএম৩-এম৪ ৰকেটত উৎক্ষেপন হৈছিল চন্দ্ৰযান-৩ৰ। শনিবাৰে ভাৰতৰ চন্দ্ৰযান চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰে। অৰ্থাৎ ইতিমধ্যে যাত্ৰাৰ দুই তৃতীয়াংশ পাৰ হৈ গৈছে।

চন্দ্ৰযান-৩য়ে প্ৰেৰণ কৰা প্ৰথম চন্দ্ৰৰ ছবি। ফটো সৌজন্য: ইছৰো।

ইছৰোৱে জনাইছে যে অহা ডেৰ-দুসপ্তাহ অতি গুৰুত্বপূৰ্ণ হ’ব। সকলো ঠিকে থাকিলে ২৩ আগষ্টৰ সন্ধিয়া ৫:৪৩ বজাত (ভাৰত সময় অনুসৰি) চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান-৩য়ে। সেই মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছে কোটি কোটি ভাৰতীয়ই। চাৰি বছৰ পূৰ্বে যি পৰ্যায়ত সপোন ভাঙি পৰিছিল, সেই পৰ্যায় অতিক্ৰমি  চন্দ্ৰত অৱতৰণৰ মুহূৰ্তৰ সাক্ষী হ’বলৈ সমগ্ৰ দেশে আগ্ৰহেৰে বাট চাই আছে।

শনিবাৰে সন্ধিয়া প্ৰায় সাত বজাত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ পিছত ভাৰতীয় মহাকাশ সংস্থালৈ প্ৰেৰণ কৰা প্ৰথমটো বাৰ্তাত চন্দ্ৰযান-৩-য়ে জনায়, ‘মই চন্দ্ৰৰ আকৰ্ষণ অনুভৱ কৰিছো।’ ইছৰোৰ সপোনৰ অভিযান চন্দ্ৰযান-৩ এতিয়ালৈ সম্পূৰ্ণ ‘সুস্থ’। এই অভিযানত খৰচ হৈছে মাত্ৰ ৬০০ কোটি টকা।

https://twitter.com/chandrayaan_3/status/1688215948531015681?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1688215948531015681%7Ctwgr%5Ec87dd1549b6b3f84cc3c7954c3581b0e03622b60%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.indiatvnews.com%2Fscience%2Fchandrayaan-3-moon-first-look-visuals-lunar-orbit-insertion-isro-mission-video-2023-08-06-885199

উল্লেখ্য যে এই অভিযান সফল হ’লে ভাৰত চন্দ্ৰত অৱতৰণ কৰা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ব। কিন্তু এতিয়ালৈকে চন্দ্ৰত ভৰি দিয়া তিনিওখন দেশে (আমেৰিকা, পূৰ্বৰ ছোভিয়েট ইউনিয়ন, চীন) চন্দ্ৰৰ নিৰক্ষৰেখাৰ ওচৰত অৱতৰণ কৰিছে। তাতে ইছৰোৱে চীনৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ লক্ষ্য লৈছে। এই অভিযান সফল হ’লে ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ব।