আলফা সজাই ভুৱা এনকাউন্টাৰ কৰা হ’ল নেকি শিৱসাগৰৰ ৰাজু আহমেদক! আলফা(স্বা)ৰ বিবৃত্তিয়ে লগাইছে আউল

যোৱা ইংৰাজী ১৫ আগষ্টৰ নিশা শিৱসাগৰৰ ডিমৌ আৰক্ষীয়ে গুলীবিদ্ধ কৰা ৰাজু আহমেদ নামৰ যুৱকগৰাকী “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” ৰ সদস্য অথবা সংগঠনৰ যোগাযোগকাৰী নহয়৷ উক্ত যুৱকগৰাকীৰ সৈতে সংগঠনৰ কোনোধৰণৰ যোগসূত্ৰ নাই৷ – এই দাবী আলফা(স্বা)ৰ।
আলফা(স্বা)ৰ সদস্য ৰুমেল অসমে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে এক বিবৃত্তি। বিবৃত্তিটোত কোৱা হৈছে – “কেৱল ৰাজু আহমেদেই নহয়, বিগত সময়ত অসমৰ আৰক্ষীয়ে “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” ৰ যোগাযোগকাৰী সজাই ভুৱা এনকাউণ্টাৰেৰে গুলীবিদ্ধ কৰা সূৰুজ গগৈৰ পৰা জুমন বৰালৈকে কোনো এজনেই আলফা স্বাধীন সংগঠনৰ সদস্য অথবা যোগাযোগকাৰী নাছিল, যিটো আমি প্ৰতিবাৰেই প্ৰত্যাখ্যান কৰি আহিছোঁ আৰু উক্ত বিষয়টোত মুখ্যমন্ত্ৰীগৰাকীয়ে হস্তক্ষেপ কৰি অভিযুক্ত সকলক সাংবাদিকৰ সন্মূখত বহুৱাই ভুক্তভোগীৰ মুখেৰেই প্ৰকৃত সত্য পোহৰলৈ আনিবলৈ বাৰে বাৰে প্ৰত্যাহ্বান জনাই আহিছোঁ৷ কিন্তু অসম আৰক্ষীয়েই হওক বা মুখ্যমন্ত্ৰীগৰাকীয়েই হওক আমাৰ সেই প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ সলনি পুনৰ কোনো বাদ-বিচাৰ নকৰাকৈ আমাৰ সংগঠনৰ নাম লৈ নীৰিহৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাই যাবলৈ উঠি পৰি লাগিছে৷”
অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে বিচাৰিছে কি, মুখ্যমন্ত্ৰীগৰাকীয়ে অসমখন পুনৰ ৰক্তাক্ত হোৱাটো বিচাৰে নেকি বুলিও পত্ৰযোগে ৰুমেল অসমে উল্লেখ কৰিছে।
আনহাতে, অধিকাংশ সংবাদ মাধ্যমেও বিষয়টোৰ ওপৰত নিজাববীয়া অনুসন্ধান নকৰি আৰক্ষীয়ে যুগুতাই দিয়া ধৰণে বাতৰি পৰিৱেশন কৰি সংবাদ সেৱাক বজাৰলৈ পৰিণত কৰিছে বুলি বিবৃত্তিখনৰ যোগেৰে অভিযোগ উত্থাপন কৰিছে আলফা স্বাধীনৰ সদস্যগৰাকীয়ে।
উল্লেখ্য যে শেহতীয়া উজনি অসমত পুনৰ সক্ৰিয় হৈ উঠিছে আলফা(স্বা)। বিগত সময়ছোৱাত বিভিন্ন উদ্যোগপতি আৰু ব্যৱসায়ীলৈ ধন দাবী পত্ৰ প্ৰেৰণ কৰিছে সংগঠনটোৱে।
আনহাতে, আলফাৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠিছে অসম আৰক্ষী। বিগত সময়ত কেইবাগৰাকী ব্যক্তিক আলফাৰে জড়িত অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
যোৱা ১৫ আগষ্টত ৰাজু আহমেদক শিৱসাগৰ আৰক্ষীয়ে গুলী কৰাৰ পিছত আলফা স্বাধীনৰ এই বিবৃত্তিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই বিবৃত্তিৰ প্ৰতি আলফা(স্বা) আৰু অসম আৰক্ষী – দুই পক্ষই ৰাইজৰ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে।