NORTHEAST NOW (Assamese)
Popular Stories

চিকিৎসা বিজ্ঞানত নতুন সফলতাৰ দাবী; মানৱ শৰীৰত কাম কৰিছে গাহৰিৰ কিডনি!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 18, 2023 11:10 am

আমেৰিকাৰ এদল অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ দলে চিকিৎসা বিজ্ঞানত এক নতুন সাফল্যৰ দাবী কৰিছে। তেওঁলোকে দাবী কৰিছে যে গাহৰিৰ বৃক্ক (কিডনি) মানুহৰ শৰীৰত প্ৰতিস্থাপন কৰাৰ পিছত এমাহতকৈও অধিক সময় ধৰি ই স্বাভাৱিকভাৱে কাম কৰি গৈছে।

যিজন ব্যক্তিৰ শৰীৰত বৃক্ক সংৰোপণ কৰা হৈছে তেওঁ ‘ব্ৰেইন ডেড’ বুলি তেওঁলোকে জনাইছে। এই সফলতাক বৃক্কৰ বিশ্বব্যাপী চাহিদা পূৰণৰ ক্ষেত্ৰত এক ডাঙৰ কৃতিত্ব বুলি গণ্য কৰা হৈছে।

নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ লেংগন ট্ৰান্সপ্লাণ্ট ইনষ্টিটিউটৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে কয় যে মানুহৰ দেহত এইটোৱেই হৈছে আটাইতকৈ দীৰ্ঘ সময় ধৰি গাহৰিৰ বৃক্কই কাম কৰাৰ ঘটনা। যদিও যাৰ দেহত এইটো প্ৰতিষ্ঠাপন কৰা হৈছে তেওঁ মৃত।

লগতে পঢ়ক: শিক্ষাবিদ তথা সক্রিয় ৰাজহুৱা কৰ্মী অধ্যাপক দেৱেন দত্তৰ দেহাৱসান

প্ৰতিষ্ঠানটোৰ পৰিচালক ৰবাৰ্ট মণ্টগোমাৰীয়ে সাংবাদিকৰ আগত কয় যে আমাৰ মানুহৰ শৰীৰত প্ৰতিস্থাপিত গাহৰিৰ বৃক্কই এমাহৰো অধিক সময় ধৰি কাম কৰি আছে।

তেওঁ কয়, এই ফলাফল ভৱিষ্যতৰ গৱেষণা আৰু জীৱিত মানুহৰ দেহত গাহৰিৰ বৃক্ক স্থাপনৰ ক্ষেত্ৰত সহায়ক হ’ব। গাহৰিৰ বৃক্ক প্ৰতিস্থাপনৰ পূৰ্বে মডিফাই কৰি এটা বিশেষ জিন আঁতৰাই পেলোৱা হৈছিল, যিটোৱে মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ জৈৱিক অণু (biological molecules) আক্ৰমণ কৰি ধ্বংস কৰে।

এই অস্ত্ৰোপচাৰ বিশেষজ্ঞজনে আশা কৰিছে যে বিশেষকৈ অংগ লাভৰ বাবে অপেক্ষা কৰি থকাসকলৰ বাবে মানুহৰ শৰীৰত আন এটা প্ৰাণীৰ অংগ প্ৰতিস্থাপন কৰাৰ সফলতাই বহুতৰে জীৱন ৰক্ষা কৰিব।

ইপিনে, গৱেষকসকলে কয় যে তেওঁলোকৰ অধ্যয়ন দ্বিতীয় মাহত চলি আছে আৰু ইয়াৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ চলি আছে।

লগতে পঢ়ক: পাকিস্তানৰ মন্ত্ৰীসভাত কাশ্মীৰী বিচ্ছিন্নতাবাদী নেতাৰ পত্নী! দায়িত্ব দিয়া হৈছে মানৱাধিকাৰ বিষয়ৰ

বৰ্তমান আমেৰিকাত ১ লাখ ৩০ হাজাৰ লোকক অংগ প্ৰতিস্থাপনৰ প্ৰয়োজন। ইয়াৰে ৮৮ হাজাৰ লোকক কিডনীৰ প্ৰয়োজন। এই অংগসমূহ লাভ কৰিবলৈ অপেক্ষা কৰি থাকোঁতেই বহুতৰে মৃত্যু হয়।

বাতৰি অনুসৰি, যিজন ব্যক্তিৰ দেহত গাহৰিৰ বৃক্ক প্ৰতিস্থাপন কৰা হৈছে তেওঁৰ নাম মৰিছ মো মিলাৰ। ৫৭ বছৰ বয়সত হঠাতে তেওঁৰ মৃত্যু হয়। পিছত তেওঁৰ মৃতদেহ পৰিয়ালৰ লোকে গৱেষণাৰ বাবে দান কৰিছিল।