‘আমেথিৰ পৰাই ২০২৪-ত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে’; বাৰাণসীত মোডীৰ বিৰুদ্ধে প্ৰিয়ংকা?

আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ আমেথি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে। ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছদিনাই এই ঘোষণা কৰে অজয় ৰাইয়ে। তদুপৰি, তেওঁ আন এটা গুৰুত্বপূৰ্ণ ইংগিতো দিয়ে। তেওঁ কয় যে যদি প্ৰিয়ংকা গান্ধী ভদ্ৰাই অহা লোকসভা নিৰ্বাচনত বাৰাণসীত মোডীৰ বিৰুদ্ধে থিয় দিব বিচাৰে তেন্তে সকলো স্তৰৰ কংগ্ৰেছ কৰ্মী তেওঁৰ কাষত থাকিব।
আগন্তুক লোকসভা নিৰ্বাচনত দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ ওপৰত সকলোৰে দৃষ্টি আছে। সাধাৰণতে কোৱাৰ দৰে ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পথ উত্তৰ প্ৰদেশৰ মাজেৰেই যায়। কেৰালাৰ ৱায়ানাদৰ সাংসদ ৰাহুল গান্ধীয়ে ২০২৪ চনত এই ৰাজ্যৰ আমেথি আসনলৈ ঘূৰি আহিব। যিখন আসনত তেওঁ যোৱা লোকসভা নিৰ্বাচনত বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ হাতত ৫৫ হাজাৰ ভোটত পৰাস্ত হ’বলগীয়া হৈছিল।
অৱশ্যে আমেথিৰ বাহিৰেও ৰাহুলে যোৱা লোকসভাত ৱায়ানাদৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰিছিল। আমেথিয়ে নিৰাশ কৰিছিল যদিও, ৱায়নাডৰ পৰা জয়লাভ কৰি তেওঁ লোকসভাত প্ৰৱেশ কৰিছিল। কিন্তু বৃহস্পতিবাৰে উত্তৰ প্ৰদেশ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছত শুকুৰবাৰে অজয় ৰাইয়ে ঘোষণা কৰে যে নিশ্চিতভাৱে ৰাহুল গান্ধীয়ে আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।
লগতে পঢ়ক: চন্দ্ৰৰ আৰু কাষ চাপিল চন্দ্ৰযান-৩; ইছৰ’ই মুকলি কৰিলে কেইবাটাও ভিডিঅ’
আমেথি সমষ্টি বহুদিনৰ পৰাই কংগ্ৰেছ দলৰ আছিল। একেৰাহে আমেথিৰ পৰা গান্ধী পৰিয়ালৰ সদস্যসকল নিৰ্বাচিত হৈ আহিছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনে সেই ধাৰাবাহিকতা স্তব্ধ কৰিছিল।
উল্লেখ্য যে এসময়ত ছোনিয়া গান্ধীয়েও আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। ২০০৪ চনত ৰাহুলক তেওঁ আমেথি এৰি দিয়ে। তেতিয়াৰ পৰা ৰাহুলে আমেথিত প্ৰতিদ্বন্দ্বিতা কৰি আহিছে। কিন্তু যোৱা লোকসভাত আমেথি হেৰুৱাই তেওঁ কেৱল ৱায়নাদৰ সাংসদ। স্বাভাৱিকতে কংগ্ৰেছৰ ভিতৰত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল, ৰাহুলে ৱায়ানাদৰ সাংসদ হৈ থাকিব বিচাৰে নেকি? এনে পৰিপ্ৰেক্ষিতত অজয়ৰ দাবীক কেন্দ্ৰ কৰি চৰ্চা আৰম্ভ হৈছে।
কেৱল ৰাহুলেই নহয়, উত্তৰ প্ৰদেশৰ ৰাজ্যিক সভাপতিয়েও ৰাহুলৰ ভগ্নী প্ৰিয়ংকাৰ বিষয়ে মুকলিকৈ কৈছে। প্ৰিয়ংকা গান্ধীয়ে যদি বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে, তেন্তে প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীয়ে জান প্ৰাণ দি তেওঁৰ জয় নিশ্চিত কৰিব।
লগতে পঢ়ক: যাৰ প্ৰেমত চুম্বকৰ দৰে আকৰ্ষিত হয় নাৰী! ৯২ বছৰ বয়সত পুনৰ প্ৰেমত পৰিল ৰূপাৰ্ট মাৰ্ডক!
উল্লেখ্য যে প্ৰিয়ংকাৰ স্বামী ৰবাৰ্ট ভদ্ৰাই শেহতীয়াকৈ তেওঁৰ পত্নীৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাকলৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল। এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে প্ৰিয়ংকা লোকসভাত থকা উচিত। ইয়াৰ বাবে তেওঁৰ সকলো অৰ্হতা আছে। আশাকৰোঁ কংগ্ৰেছ দলে এই কথা স্বীকাৰ কৰি সেই অনুসৰি পৰিকল্পনা কৰিব।”
এনে জল্পনা-কল্পনাত ইন্ধন যোগাইছে বিগত লোকসভা নিৰ্বাচনত বাৰাণসীত প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে যুঁজ দিয়া বৰ্তমানৰ ৰাজ্যিক সভাপতি অজয় ৰাইয়ে।