NORTHEAST NOW (Assamese)
অসম

নামৰূপত নাগিৰকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত জোঁৰ সমদল

Posted by: অকশ্বয় প্ৰণৱ কলিতা May 7, 2018 9:52 pm

আজি নামৰূপত সদৌ অসম ছাত্ৰ সন্থাৰ নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা আৰু নামৰূপৰ সমূহ দল-সংগঠনৰ উদ্যোগত নাগিৰকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত এক জোঁৰ সমদল বাহিৰ কৰে।

এই জোঁৰ সমদলত নামৰূপৰ বিভিন্ন দল সংগঠনৰ লগতে প্ৰায় ১ হাজাৰ লোকে অংশ গ্ৰহণ কৰি যুটীয়া সংসদীয় সমিতিক ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ দাবী জনায়।

এই জোঁৰ সমদলটোত নামৰূপ আছুৰ শিক্ষা সম্পাদক অৱনী কুমাৰ গগৈয়ে কয় যে আমি মৰিবলৈ সাজু আছো আৰু অসমত কোনো বিদেশীক থাকিবলৈ দিয়া নহ’ব।

আছুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক মানসজ্যোতি চাংমাই আৰু আছুৰ জিলা সমিতিৰ সভাপতি কল্পজিৎ গগৈয়ে কয় যে ‘নৰেন্দ্ৰ মোদী চৰকাৰে জই আই অসম ধ্বনি আৰু মিছা প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীলৈ আহিলে। নৰেন্দ্ৰ মোদী চৰকাৰে আমাক মুৰ্খ বুলি ভাবিছে আৰু আমি এতিয়া আমাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল দুয়োজনকে লৈ লজ্জিত আৰু এতিয়া আমি অসমক ধ্বংস কৰিবলৈ কোনো সুযোগ নিদিওঁ।’