ঢকুৱাখনাত শোকাৱহ দুৰ্ঘটনা: দুই বাইকৰ মুখামুখি সংঘৰ্ষত চাৰিগৰাকী নিহত

এক মৰ্মান্তিক দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে লখিমপুৰৰ ঢকুৱাখনাত। দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ পৰিণতিত চাৰিগৰাকী ব্যক্তিৰ মৃত্যুৱে জোকাৰি তুলিছে অঞ্চলটো।
তদুপৰি এই ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী শিশু গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। ঢকুৱাখনা আৰু ঘিলামৰাক সংযোগ কৰা ৪২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত এই দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাৰ ফলত তিনিগৰাকী লোকৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে এগৰাকী যুৱকৰ চিকিৎসালয়লৈ নিয়াৰ অৱস্থাতে মৃত্যু হয়।
প্ৰকাশিত খবৰ অনুসৰি, গুৰুতৰভাৱে আহত যুৱকগৰাকী আৰু শিশুটিক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু যাত্ৰাপথতে গুৰুতৰ গুৰুতৰ ফলত যুৱকগৰাকীয়ে প্ৰাণ হেৰুৱায়।
এই দুৰ্ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুওৱা চাৰিগৰাকী ব্যক্তিৰ মাজতে দুগৰাকীক স্বামী-স্ত্ৰী বুলি চিনাক্ত কৰা হৈছে। মৃত দম্পতীহালৰ নাম ক্ৰমে হেমন্ত সোণোৱাল আৰু পুতুমনি সোণোৱাল।
আনহাতে নিহত আন দুগৰাকী ব্যক্তিক ক্ৰমে বুবু দাস আৰু শান্তি গোঁহাই বুলি চিনাক্ত কৰা হৈছে।