NORTHEAST NOW (Assamese)
Popular Stories

বছৰত দুবাৰকৈ ব’ৰ্ড পৰীক্ষা, অধ্যয়ন কৰিব লাগিব দুটা ভাষা; একাদশ-দ্বাদশ শ্ৰেণীত এলানি পৰিৱৰ্তন

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী August 23, 2023 5:44 pm

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে একাদশ-দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত এলানি পৰিৱৰ্তন আনিছে। নতুন শিক্ষা নীতি অনুসৰি কেন্দ্ৰই এক বিশেষ পাঠ্যক্ৰম প্ৰস্তুত কৰিছে। কিছুমান নতুন নিয়মৰ কথা কোৱা হৈছে। এই নীতি কাৰ্যকৰী হ’লে পঢ়াশুনাৰ দিশটো বহুখিনি সলনি হ’ব।

কি কি নতুন নিয়ম আনিছে?

১. কেন্দ্ৰীয় ব’ৰ্ড অৰ্থাৎ ICSC বা CBSE-য়ে এতিয়াৰ পৰা বছৰত দুবাৰকৈ ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰিব। যি পৰীক্ষাত শিক্ষাৰ্থীয়ে অধিক নম্বৰ লাভ কৰিব সেইটোৱে গ্ৰহণ কৰা হ’ব।

২. এতিয়াৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীত দুটা ভাষা অধ্যয়ন কৰিব লাগিব। তাৰে এটা অৱশ্যেই হ’ব লাগিব ভাৰতীয় ভাষা।

৩. ২০২৪ চনৰ পাঠ্যক্ৰমৰ বাবে নতুন পাঠ্যপুথি প্ৰৱৰ্তন কৰা হৈছে।

৪. একাদশ-দ্বাদশৰ শ্ৰেণীত বিষয় বাছনিৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে কেৱল ‘ষ্ট্ৰিম’ত সীমাবদ্ধ থাকিব নালাগে। তেওঁলোকে যিকোনো বিষয় বাছি ল’ব পাৰিব। বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীসকলে মূলতঃ কলা শাখা বা বিজ্ঞানৰ শাখাত অধ্যয়ন কৰিবলগীয়া হয়। যিকোনো শাখাত কিছুমান বিশেষ বিষয়হে লব পৰা যায়।

৫. শ্ৰেণীকোঠাত কেৱল পাঠ্যপুথি পঢ়োৱাৰ ধাৰণাটো সলনি কৰিব লাগিব। ইয়াৰ দ্বাৰা পাঠ্যপুথিৰ খৰচো হ্ৰাস পাব।

শিক্ষা মন্ত্ৰালয়ে উল্লেখ কৰা অনুসৰি বছৰত দুবাৰকৈ পৰীক্ষা অনুষ্ঠিত কৰা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে ভাল ফলাফল লাভ কৰিব পাৰে আৰু প্ৰস্তুতিৰ বাবে পৰ্যাপ্ত সময় পায়।

এতিয়া ৰাজ্যত একাদশ-দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত কেনে পৰিৱৰ্তন কৰা হয় সেয়া লক্ষ্যণীয় হ’ব। ৰাজ্যৰ শিক্ষা নীতি অনুসৰি প্ৰস্তুত কৰা খচৰাত অসমীয়া ভাষাই কিমান গুৰুত্ব পাব সেয়াও অৱশ্যেই মনকৰিবলগীয়া বিষয়।