NORTHEAST NOW (Assamese)
অসম

পৰশুৰাম কুণ্ডত পবিত্ৰ স্নান কৰি থকা অৱস্থাত নিৰুদ্দেশ একেটা পৰিয়ালৰ ৩ জন সদস্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 25, 2023 9:30 pm

অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ পৰশুৰাম কুণ্ডত পবিত্ৰ স্নান কৰিবলৈ যোৱাৰ সময়ত একেটা পৰিয়ালৰ তিনিজন ব্যক্তি নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি নিৰুদ্দেশ হোৱা লোককেইজন তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বাসিন্দা।

শুকুৰবাৰে তিনিওজন লোক গা ধুবলৈ গৈ পৰশুৰাম কুণ্ডৰ পানীত উটি যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

নিৰুদ্দেশ হোৱা তিনিজন ব্যক্তিৰ নাম মনোজ শ্বাহ, তেওঁৰ পত্নী শোভা দেৱী আৰু আনজন তেওঁৰ শাহুৱেক আছিল।

বৰ্তমান ঘটনাস্থলীত নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধান উলিয়াবলৈ অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।

আন এক ঘটনাত অসমৰ গোলাঘাট জিলাত তৰ্কেশ্বৰ ৰায় নামৰ এজন লোক নিৰুদ্দেশ হোৱা বুলি বাতৰি প্ৰকাশ পাইছে। সূত্ৰ অনুসৰি বুধবাৰে বিয়লিৰ পৰা গোলাঘাটৰ কোছাৰীহাটস্থিত বাসগৃহৰ পৰা নিৰুদ্দেশ হৈ আছে ৰায়। স্থানীয় ৰাইজৰ মতে, ব্যক্তিজনে ধনশিৰি নদীত জপিয়াই জীৱন শেষ কৰাৰ সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত ৰয়ৰ পত্নীয়ে গোলাঘাট থানাত নিৰুদ্দেশৰ ৰিপৰ্ট দাখিল কৰিছে।