NORTHEAST NOW (Assamese)
Popular Stories

পুত্রবধুক শয্যাসংগী কৰাৰ প্ৰস্তাৱ; স্বামীৰ মুখত এনে জঘণ্য কথা শুনি ডিঙি কাটিলে পত্নীয়ে

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী August 27, 2023 11:56 am

শহুৰেকে বোৱাৰীক যৌন নিৰ্যাতন চলাব বিচাৰিছিল। পত্নীয়ে পুত্ৰবধুক বচাবলৈ গৈ স্বামীক ডিঙি কাটি হত্যা কৰে। যদিও প্ৰথমে তেওঁ এই অপৰাধৰ কথা অস্বীকাৰ কৰিছিল, পিছলৈ তেওঁ নিজৰ অপৰাধ স্বীকাৰ কৰিছে। আৰক্ষীৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। যোগীৰ ৰাজ্য উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, যোৱা ১৪ আগষ্টত ৪৩ বছৰীয়া তেজিন্দৰ সিং শুই আছিল। সেই সময়তে তেওঁৰ পত্নী মিথিলেশ দেৱীয়ে চোকা অস্ত্ৰ আনি তেওঁৰ ডিঙিত আঘাত কৰে। প্ৰথমে মৃতকৰ পৰিয়ালৰ লোকে কোনো অচিনাকি দুৰ্বৃত্তৰ আক্ৰমণ বুলি দাবী কৰিছিল।

লগতে পঢ়ক: আদালত চৌহদতে গুলীচালনা; আহত বিচাৰাধীন ২ জন কাৰাবন্দী

তদন্তৰ সময়ত আৰক্ষীৰ সন্দেহ মিথিলেশ দেৱীৰ ফালে ঢাল খায়। ৪০ বছৰীয়া গৃহিণীগৰাকীয়ে প্ৰথমে নিজৰ দোষ স্বীকাৰ কৰা নাছিল। পিছত সোধা-পোছাৰ সময়ত তেওঁ ভাঙি পৰে আৰু ক’লে যে তেওঁ স্বামীক হত্যা কৰিছিল। আৰু তেওঁ বোৱাৰীক যৌন নিৰ্যাতনৰ পৰা বচাবলৈকে এই হত্যাকাণ্ড সংঘটিত কৰিছিল।

অভিযুক্তই দাবী কৰে যে তেওঁৰ স্বামীয়ে ১৯ বছৰীয়া বোৱাৰীক লৈ কুদৃষ্টি দিছিল। তেওঁৰ সৈতে পুত্ৰবধুক যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাৰে বাৰে পত্নীক পতিয়ন নিয়াবলৈ কৈছিল। ইয়াৰ পিছত তেওঁ স্বামীক হত্যা কৰাৰ কথা ভাবিছিল। সেইদৰে, শুই থকা অৱস্থাতে তেওঁক হত্যা কৰে।