NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট লেখক-অৰ্থনীতিবিদ অনন্ত কলিতাৰ ৭৬ বছৰ বয়সত দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 27, 2023 1:06 pm

বিশিষ্ট লেখক, অৰ্থনীতিবিদ অনন্ত কলিতাৰ দেহাৱসান ঘটিছে। তেওঁ জটিল ৰোগত আক্ৰান্ত হৈ বহুদিন ধৰি চিকিৎসাধীন হৈ আছিল। দেওবাৰে পুৱা ৭ বজাত কলিতাই গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৬ বছৰ।

অনন্ত কলিতা এগৰাকী বেংকৰ চাকৰিয়াল আছিল আৰু তেওঁ আছিল মহানগৰীৰ মঠঘৰীয়াস্থিত ষ্টেট বেংক কলনীৰ বাসিন্দা।

বিভিন্ন কাকত-আলোচনীত অৰ্থনীতি বিষয়ৰ এগৰাকী লেখক তথা সু-বিশ্লেষক কলিতাই অৰ্থনীতিৰ বাহিৰেও বিভিন্ন সামাজিক বিষয়ৰ ওপৰত আলোকপাত কৰি প্ৰৱন্ধ পাতি লিখিছিল। তেওঁ এগৰাকী ত্ত্বগধূৰ লেখক হিচাপে সু-পৰিচিত আছিল।

তেওঁৰ সদ্য প্ৰকাশিত গ্ৰন্থকেইখন হ’ল- বিশ্বায়িত সমাজখনৰ ভিন্ন চিন্তা, নব্য-উদাৰ অৰ্থনীতি/বিকল্প অন্বেষণ, অসম আৰু অসমৰ জাতীয় সমস্যা।

অসমৰ বৌদ্ধিক জগতত নিজৰ বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশেষ বৰঙণি আগবঢ়োৱা সমাজ সচেতন লেখক-অৰ্থনীতিবিদগৰাকীয়ে মৃত্যুৰ পূৰ্বে দেহদান কৰি গৈছে।