NORTHEAST NOW (Assamese)
অসম

ধুবুৰীত ডাবল মাৰ্ডাৰ কাণ্ড! হত্যাৰ বলি হ’ল এহাল দম্পতী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 27, 2023 7:10 pm

ধুবুৰী জিলাৰ বিলাসীপাৰাত সংঘটিত হৈছে এটাৰ পাছত আনটো জঘন্য হত্যাকাণ্ড। পুনৰ এটা জঘন্য ঘটনা সংঘটিত হ’ল বিলাসীপাৰাত। এইবাৰ হত্যাকাৰীৰ হত্যাৰ বলি হ’ল এহাল দম্পতী। বিলাসীপাৰাৰ ৰাণীগঞ্জৰ কুৰ্শাকাটীৰ বাসিন্দা শ্বাহজালাল শ্বেইখ আৰু নাৰ্জিমা বেগম হত্যাৰ বলি হ’ল আততায়ীৰ।

হত্যাৰ বলি হোৱা শ্বাহজালাল শ্বেইখ আৰু নাৰ্জিমা বেগমৰ একমাত্ৰ কন্যাই শুকুৰবাৰে গুৱাহাটীৰ পৰা বাৰে-বাৰে ফোন কৰাৰ পিছতো ফোন ধৰা নাছিল পিতৃ-মাতৃয়ে। ইয়াৰ পিছতেই এই বিষয়ে আত্মীয় এজন যুৱকক জনোৱাৰ পিছত যুৱকজনে কুৰ্শাকাটীত বাস কৰা শ্বাহজালাল শ্বেইখ আৰু নাৰ্জিমা বেগমৰ ঘৰলৈ খবৰ ল’বলৈ যায়। কিন্তু খবৰ ল’বলৈ যোৱা যুৱকজনে বাহিৰৰ পৰা মাতি থকাৰ পিছত ঘৰৰ ভিতৰৰ পৰা কোনেও সঁহাৰি নিদিয়াত যুৱকজনে দৰ্জা ভাঙি ভিতৰলৈ সোমাই যায়।

ভিতৰত সোমাই যুৱকজনে বিচনাত পৰি থকা অৱস্থাত দম্পতিহালৰ মৃতদেহ উদ্ধাৰ কৰে। ইয়াৰ পিছতেই ঘটনাস্থলীত জিলা আৰক্ষী অধীক্ষক উপস্থিত হয় আৰু গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। 

উল্লেখ্য যে মৃত শ্বাহজালাল শ্বেইখ ৰাণীগঞ্জ আঞ্চলিক CPI(M) দলৰ সভাপতি আছিল।

এতিয়া কিয়, কোনে এই ঘটনা সংঘটিত কৰিলে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। ঘটনাক গৰিহণা দি দোষীক কঠোৰা শাস্তি প্ৰদানৰ দাবী জনাইছে বিভিন্ন দল-সংগঠন তথা স্থানীয় ৰাইজে।