NORTHEAST NOW (Assamese)
Popular Stories

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক; ইতিহাস গঢ়িলে নীৰজ চোপ্ৰাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 28, 2023 8:46 am

পুনৰ ইতিহাস গঢ়ি বিশ্ব ক্ৰীড়া মঞ্চত আন এক সোণৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজে স্বৰ্ণ পদক লাভ কৰে। এই প্ৰতিযোগিতাৰ ইতিহাসত ভাৰতীয় খেলুৱৈৰ এয়া প্ৰথমটো সোণৰ পদক।

ইয়াৰ পূৰ্বে ২০০৩ চনত অঞ্জু ববি জৰ্জে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। যোৱা বছৰ নীৰজে ৰূপৰ পদক লাভ কৰিছিল। এইবাৰ লাভ কৰিলে স্বৰ্ণ।

অলিম্পিকৰ পিছত এছিয়ান গেমছ, কমনৱেলথ গেমছ, ২০ বছৰ অনুৰ্ধ চেম্পিয়নশ্বিপ, ডাইমণ্ড লীগ, এইবাৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক। ভাৰতৰ গৌৰৱ ২৫ বছৰীয়া জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰা।

লগতে পঢ়ক: ডিএনএ পৰীক্ষা সম্পন্ন! ৱেগনাৰৰ মুৰব্বী প্ৰিগোজিনৰ মৃত্যু নিশ্চিত কৰিলে ৰাছিয়াই

ফাইনেলত নীৰজৰ শ্ৰেষ্ঠ থ্ৰ’ আছিল ৮৮.১৭ মিটাৰ। প্ৰথম থ্ৰ’টো আছিল ফাউল। কিন্তু মাজৰ চাৰিটা থ্ৰ’ত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ালে। ষষ্ঠ আৰু অন্তিম থ্ৰ’ৰ পূৰ্বে স্বৰ্ণ পদক নিশ্চিত হৈ যায়।

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হ’ল নীৰজ। সমগ্ৰ ভাৰত নিশা সাৰ পাই আছিল তেওঁৰ স্বৰ্ণজয়ৰ অপেক্ষাত। ইতিহাসৰ দুৱাৰদলিত থিয় দিছিল টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ীগৰাকীয়ে।

কোৱালিফাইং ৰাউণ্ডত ৮৮.৭৭ মিটাৰ দূৰত্বত জেভেলিন নিক্ষেপ কৰি পেৰিছ অলিম্পিকৰ ক্লিয়াৰেন্স সংগ্ৰহ কৰিছিল। কিন্তু দেওবাৰে প্ৰথম থ্ৰ’ত নিৰাশ কৰিলে নীৰজে। ফাউল হয়। কিন্তু দ্বিতীয় থ্ৰ’ত উভতি আহিল। জেভলিন নিক্ষেপ কৰিয়েই চিঞৰি উঠিল, মাটিত পৰিবলৈ অপেক্ষাই নকৰিলে। নীৰজৰ মুখৰ ভাবটোৱে এটা ভাল থ্ৰ’ কৰা হৈছে বুলি বুজাইছিল।

লগতে পঢ়ক: দিল্লীৰ হোটেলত অসমৰ মহিলাক মদ্যপ যুৱকৰ নিগ্ৰহ

তৃতীয় নিক্ষেপত জেভেলিন ৮৬.৩২ মিটাৰ দূৰত পৰিল জেভলিন। দ্বিতীয় থ্ৰ’ৰ অন্তত এক নম্বৰ স্থানলৈ যায় ভাৰতীয় খেলুৱৈগৰাকী। প্ৰথম তিনিটা থ্ৰ’ৰ পিছতো তেওঁ শীৰ্ষত আছিল।

পাকিস্তানৰ আৰ্ছাদ নাদীমে তেওঁক প্ৰত্যাহ্বান জনাইছিল। স্বৰ্ণৰ যুঁজ হৈছিল এই দুজনৰ মাজত। কিন্তু শেষৰ ৰাউণ্ডত বেয়া থ্ৰ’ৰ বাবে পিছ পৰে পাকিস্তানী প্ৰতিদ্বন্দ্বী। ফাইনেল থ্ৰ’ৰ পূৰ্বে নিশ্চিত হৈছিল নীৰজৰ সোণৰ পদক।

https://twitter.com/JioCinema/status/1695881053159006373?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1695881053159006373%7Ctwgr%5Ea8f1ffddad5c366d3c964854797fa5bd56b007d6%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Findianexpress.com%2Farticle%2Fsports%2Fsport-others%2Fjavelin-throw-final-live-updates-world-athletics-championships-2023-neeraj-chopra-arshad-nadeem-relay-race-8911504%2F

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত এটাতকৈ অধিক পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয় নীৰজ। তেওঁ ভাৰতীয় খেলুৱৈসকলৰ বাবে সফলতাৰ নতুন মানদণ্ড নিৰ্ধাৰণ কৰিলে।

উল্লেখ্য যে জেভেলিনৰ ফাইনেলত স্থান লাভ কৰিছে তিনিগৰাকী ভাৰতীয়ই। কিশোৰ জেনাই পঞ্চম স্থান আৰু ডি পি মনুৱে ষষ্ঠ স্থান দখল কৰে।

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৩-ৰ পুৰুষৰ জেভেলিন থ্ৰ’ ফাইনেল তালিকা-

১) নীৰজ চোপ্ৰা (৮৮.১৭ মি.)। ২) আৰছাদ নাদীম (৮৭.৭২ মি.)। ৩) জাকুব ভাডলেচ (৮৬.৬৭মিটাৰ)। ৪) জুলিয়ান ৱেবাৰ (৮৫.৭৯ মিটাৰ)। ৫) কিশোৰ জেনা (৮৪.৭৭মিটাৰ) (ব্যক্তিগত শ্ৰেষ্ঠ)। ৬) ডি পি মনু (৮৪.১৪ মি.)। ৭) অলিভিয়াৰ হেলেণ্ডাৰ (৮৩.৩৮ মিটাৰ)। ৮) এডিছ মেটুচেভিচিয়াছ (৮২.২৯ মি.)।