NORTHEAST NOW (Assamese)
জীৱনশৈলী

চুলিত ৰং সনাৰ পূৰ্বে হওক সাৱধানঃ নহ’লে হ’ব পাৰে এই পাৰ্শ্বক্ৰিয়াসমূহৰ চিকাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 28, 2023 5:46 pm
side effects of hair color

চুলিত ৰং লগাই নিজকে ডেকা বা গাভৰু সজাই ৰখাৰ চেষ্টা কৰাটো কেতিয়াও বেয়া কথা হ’ব নোৱাৰে। কিন্তু বয়স ঢাকি ৰখাৰ এই প্ৰচেষ্টাৰ মাজত আমাৰ শৰীৰৰ বাবে কিছু নেতিবাচক দিশো জড়িত হৈ আছে।

চুলিত ৰং সনাৰ ধূম বৰ্তমান বহুলভাৱে হৈছে যদিও ইয়াৰ কিছুমান পাৰ্শ্বক্ৰিয়া আছে। গতিকে এই ক্ষেত্ৰত আমি সাৱধান হোৱা ভাল।

চুলিত ৰং সানিবলৈ যি ৰং ব্যৱহাৰ কৰা হয় তাত পেৰাফেনিলেনেয়মিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে। ইয়াৰ দ্বাৰা কিছুমান লোকৰ এলাৰ্জী হ’ব পাৰে।

ইয়াক পৰীক্ষা কৰিবলৈ কাণৰ পিছপিনে সামান্য ৰং লগাওক আৰু ২৪ ঘন্টা থাকিবলৈ দিয়ক। ইয়াত যদি সংক্ৰমণ নঘটে তেতিয়াহ’লে এই ৰং ব্যৱহাৰ কৰিব পৰা যায়।

যিবোৰ হেয়াৰ কালাৰ আমি ব্যৱহাৰ কৰো, তাত এক প্ৰকাৰৰ ‘পাৰছাল্ফেট’ নামৰ কেমিকেল পোৱা যায়। এই কেমিকেল এজমা ৰোগীৰ কাৰণে মাৰাত্মক হৈ পৰিব পাৰে। ইয়াৰ গন্ধৰ ফলতেই ৰোগীৰ শ্বাস লোৱাটো কঠিন হৈ পৰিব পাৰে।

যদি আপোনাৰ ছাল সংবেদনশীল, তেতিয়াহ’লে হোয়াৰ কালাৰৰ ব্যৱহাৰ কৰাৰ পৰা আঁতৰি থকা ভাল। কিয়নো ইয়াৰ ফলত শীঘ্ৰেই সমস্যাৰ সৃষ্টি হ’ব পাৰে। বহুসময়ত গাত খজুৱতি হোৱাৰ লগতে ৰঙা ৰঙা দাগৰ সৃষ্টি হ’ব পাৰে।

বাৰে বাৰে হেয়াৰ কালাৰৰ ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ চুলি সৰা সমস্যাই দেখা দিব পাৰে। লগতে আপোনাৰ চুলিৰ দৃঢ়তাক প্ৰভাৱিত কৰিব পাৰে। হেয়াৰ কালাৰত ব্যৱহাৰ হোৱা কেমিকেল আপোনাৰ শৰীৰৰ বাবে উপযোগী নহ’বও পাৰে।

আমি যেতিয়া হেয়াৰ কালাৰ চুলিত লগাও, তেতিয়া এই কালাৰ আমাৰ চকুলৈও যাব পাৰে। ইয়াৰ ফলত আমাৰ চকুৰ দৃষ্টিশক্তি কমি যাব পাৰে। কিয়নো ইয়াত থকা কেমিকেল ইমান মাৰাত্মক যে ই চকুৰ ৰেটিনাত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ধাৰাবাহিকভাৱে হেয়াৰ কালাৰ ব্যৱহাৰ কৰিলে ইয়াত থকা কেমিকেলে আমাৰ চুলিৰ বিকাশত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত তপা হোৱাৰ বিড়ম্বনাও আহিব পাৰে।

আমি ব্যৱহাৰ কৰা হেয়াৰ কালাৰ কিছুমানত এনেধৰণৰ কেমিকেলো থাকে যিয়ে শৰীৰত কেঞ্চাৰৰ বিপদ বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত ছালৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে, এবাৰ লগোৱাৰ সময়ত যদি ছালৰ এলাৰ্জী দেখা দিয়ে তেতিয়াহ’লে তাক বৰ্জন কৰা উচিত।

হেয়াৰ কালাৰ লগোৱাৰ সময়ত বজাৰৰ পৰা যিকোনো সস্তা দামৰ হেয়াৰ কালাৰ আনি ব্যৱহাৰ নকৰিব। হেয়াৰ কালাৰ ক্ৰয় কৰাৰ সময়ত সেয়া এম’নিয়া মুক্ত হয়নে নহয় তালৈ লক্ষ্য ৰাখিব।

যদি মূৰত আঘাত থাকে বা ঘা হৈ থাকে, তেতিয়াহ’লে হেয়াৰ কালাৰৰ ব্যৱহাৰ কেতিয়াও নকৰিব।

এনে কাৰণত আপুনি প্ৰথমবাৰ হেয়াৰ কালাৰ ব্যৱহাৰ কৰোঁতে অলপমান ব্যৱহাৰ কৰি চাই লোৱা উচিত, যাতে ব্যৱহাৰৰ পিছত কোনো সমস্যাৰ সন্মুখীন হয় নেকি আগতীয়াকৈ জানিব পাৰে।

হেয়াৰ কালাৰ ব্যৱহাৰ কৰাৰ সময়ত ইয়াত থকা আৱশ্যকীয় নিৰ্দেশনা পঢ়ি চোৱা উচিত আৰু ইয়াক শিশুই চুব নোৱাৰাকৈ আঁতৰাই ৰখা উচিত।