NORTHEAST NOW (Assamese)
দেশ

উত্তৰ প্ৰদেশৰ মুছলমান ছাত্ৰ নিৰ্যাতন ঘটনা: ফেক্ট চেকাৰ মহম্মদ জুবেইৰৰ বিৰুদ্ধে গোচৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 28, 2023 6:41 pm
UP School Boy Slap Case Mohd Zubair

সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰা উত্তৰ প্ৰদেশৰ এখন বিদ্যালয়ৰ শ্ৰেণীকোঠাত শিক্ষয়ত্ৰীৰ দ্বাৰা মুছলমান ছাত্ৰৰ নিৰ্যাতনৰ ঘটনাৰ বিষয়ে তথ্য প্ৰকাশ কৰি আইনী ৰোষৰ সন্মুখীন হৈছে ফেক্ট চেকাৰ তথা অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰ।

নিৰ্যাতনৰ চিকাৰ হোৱা মুছলমান ছাত্ৰগৰাকীৰ পৰিচয় প্ৰকাশ কৰাৰ অভিযোগত জুবেইৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। শুকুৰবাৰে এই ছাত্ৰগৰাকীৰ পৰিচয় প্ৰকাশ নকৰিবলৈ সকীয়াই দিছিল ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে।

উল্লেখ্য যে, যোৱা সপ্তাহৰ বৃহস্পতিবাৰে সংঘটিত হোৱা এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে দেশৰ ৰাজনীতিতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। শাসকীয় বিজেপি-আৰ এছ এছৰ সাম্প্ৰদায়িক ৰাজনীতিৰ পৰিণতিতে এই ঘটনা ঘটা বুলি দাবী কৰিছিল কংগ্ৰেছসহ বিজেপিয়ে।

ছাত্ৰগৰাকীৰ পিতৃৰ ভাষ্য অনুসৰি শিক্ষয়ত্ৰীগৰাকীৰ নিৰ্দেশত এঘণ্টাতকৈ অধিক সময় ছাত্ৰগৰাকীক থিয় কৰাই এই নিৰ্যাতন চলোৱা হৈছিল। ভাইৰেল হোৱা ভিডিঅ’টোত থিয় হৈ থকা ছাত্ৰগৰাকীক শিক্ষয়ত্ৰীগৰাকীৰ নিৰ্দেশত সহপাঠী আন ছাত্ৰসকলে প্ৰহাৰ কৰিছিল।

তৃপ্তী ত্যাগী নামৰ শিক্ষয়ত্ৰীগৰাকীয়ে লগতে তীব্ৰ সাম্প্ৰদায়িক বিদ্বেষেৰে ছাত্ৰগৰাকীক অধিক জোৰেৰে আঘাত কৰিবলৈ সহপাঠীসকলক নিৰ্দেশ দিছিল। মুছলমান ধৰ্মৰ হোৱাৰ বাবেই ছাত্ৰগৰাকীক এইদৰে নিৰ্যাতন চলোৱা বুলি দেশজুৰি চৰ্চিত হৈ পৰিছিল।

কিন্তু এই অভিযোগ নাকচ কৰি অভিযুক্ত শিক্ষয়িত্ৰীগৰাকীয়ে নিজৰ নৃশংস কাৰ্যক ন্যায্যতা প্ৰদান কৰে আৰু স্কুলত থকাৰ সময়ত শিশুসকলক নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় বুলি দাবী কৰে। ঘটনাত সাম্প্ৰদায়িক দিশ নাকচ কৰি তেওঁ লগতে বিষয়টোক অপ্ৰয়োজনীয়ভাৱে ডাঙৰ কৰা হৈছে বুলি মন্তব্য কৰে।