NORTHEAST NOW (Assamese)
অসম

দক্ষিণ এছিয়া বেডমিণ্টনত অসমৰ অস্মিতা চলিহাৰ বিজয় সাব্যস্ত

Posted by: এন ই নাও নিউজ ব্যুৰো December 9, 2017 1:24 pm

গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনদ’ৰ ষ্টেডিয়ামত ২৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈ অহা প্ৰথম দক্ষিণ এছিয়া বেডমিণ্টন প্ৰতিযোগিতাৰ অন্তিম দিনা অসমৰ অস্মিতা চলিহাই মহিলা ছিংগল আৰু ডাবল দুয়োটা শাখাতে বিজয়ীৰ খিতাপ অৰ্জন কৰে। ছিংগলছত অস্মিতাই ভাৰতৰে আকাশী কাশ্যপক ২১-১৬, ১৫-২১, ২১-১৪ ছেটত পৰাস্ত কৰাৰ লগতে ডাবলছ শাখাত অস্মিতা আৰু মিথুলাৰ যুটিয়ে মালদীপছৰ ফেথমাথ নাবেহা আৰু অমিনাথ নাবেহাৰ যুটিক ২১-১০, ২১-৭ ছেটত পৰাস্ত কৰে।

কালিৰ সামৰিণ অনুষ্ঠানটোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী তথা অসম বেডমিণ্টন সংস্থাৰ সভাপতি হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। উক্ত অনুষ্ঠানতে দক্ষিণ এছিয়া বেডমিণ্টন সংস্থা নামেৰে এক নতুন বেডমিণ্টন সংস্থা গঠন কৰা হয়।

‘এই সংস্থাটোৱে ভাৰতৰ লগতে সমগ্ৰ অঞ্চলটোত এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব।‘ বুলি কয় মন্ত্ৰী শৰ্মাই। তেওঁ লগতে কয় ‘আমি এই উদ্দেশ্যেৰে আমাৰ অন্তগাঁঠনিৰ লগতে বিশেষজ্ঞৰ যোগাৰ ধৰিবলৈ প্ৰস্তুত আছো।‘

উল্লেখযোগ্য যে অলপতে ভাৰত বেডমিণ্টন সংস্থাৰ অন্তৱৰ্তীকালীন সভাপতি হিচাপে নিয়োজিত হিমন্ত বিশ্ব শৰ্মাই কালি গঠিত হোৱা দক্ষিণ এছিয়া বেডমিণ্টন সংস্থাৰো সভাপতি দায়িত্ব গ্ৰহণ কৰে।