NORTHEAST NOW (Assamese)
দেশ

ঋণৰ পৰা পৰিত্ৰাণ পাবলৈ পত্নী আৰু দুই সন্তানৰ খাদ্যত মিলালে বিহ, নিজকো শেষ কৰাৰ চেষ্টা ঋণগ্ৰস্ত ব্যক্তিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 30, 2023 8:42 pm

ঘৰৰ খৰছ পূৰাবলৈ তেওঁ বহুত টকা ধাৰলৈ লৈছিল। কিন্তু ৩০ বছৰীয়া মনোজ শৰ্মাই ধাৰলৈ লোৱা ধন সময়মতে পৰিশোধ কৰিব নোৱাৰি গ্ৰহণ কৰিলে ভয়ানক সিদ্ধান্ত।

ঋণৰ পৰা হাত সাৰিবলৈ পত্নী আৰু সন্তানক হত্যা কৰি নিজৰো অন্ত পেলাবলৈ চেষ্টা কৰিছিল মনোজে। খাদ্যত বিহ মিহলাই পত্নী আৰু দুটা সন্তানক হত্যা কৰিবলৈ চেষ্টা কৰিছিল মনোজে। ইয়াৰ পিছতে তেওঁ নিজেও আত্মহত্যাৰ চেষ্টা চলাইছিল বুলি আৰক্ষীয়ে দাবী কৰিছে। 

দেওবাৰে ৰাজস্থানৰ জয়পুৰৰ প্ৰতাপনগৰ অঞ্চলত সংঘটিত হয় এই ঘটনা।

আৰক্ষীৰ সূত্ৰ অনুসৰি মনোজৰ পত্নী সাক্ষী শৰ্মা (২৮) আৰু তেওঁৰ পাঁচ বছৰীয়া পুত্ৰৰ বিষক্ৰিয়াত মৃত্যু হয়। বৰ্তমান মনোজ আৰু তেওঁৰ কন্যা চিকিৎসালয়ত ভৰ্তি হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি মনোজে পৰিয়ালৰ সৈতে প্ৰতাপনগৰৰ এটা ভাড়াঘৰত বাস কৰিছিল। তেওঁ বহুত টকা ধাৰলৈ লৈছিল। ইয়াৰ উপৰিও কিছু পাৰিবাৰিক সমস্যা চলি থকা বুলিও দাবী কৰে আৰক্ষীয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে এতিয়াও তদন্ত অব্যাহত ৰাখিছে।