NORTHEAST NOW (Assamese)
দেশ

ভাৰতীয় বৈবাহিক ব্যৱস্থাটোক ধ্বংস কৰিছে লিভ-ইন-ৰিলেশ্যনশ্যিপে – এলাহাবাদ উচ্চ ন্যায়ালয় 

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 2, 2023 4:29 pm

শেহতীয়াকৈ ভাৰতৰ চহৰীয়া সভ্যতাত বৃদ্ধি পাবলৈ লৈছে লিভ ইন ৰিলেশ্যনশ্যিপৰ হাৰ। কিন্তু এই লিভ ইন ৰিলেশ্যনশ্যিপে ভাৰতীয় বিবাহ ব্যৱস্থাটোক প্ৰভাৱিত কৰা বুলি মন্তব্য কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। 

আদালতে পৰ্যবেক্ষণ কৰে যে, “এই ব্যৱস্থাই ভাৰতত বিবাহৰ ব্যৱস্থাটোক ধ্বংসৰ মুখলৈ ঠেলি দিছে।” এলাহাবাদ উচ্চ ন্যায়ালয়ে নিজৰ লাইভ ইন পাৰ্টনাৰ ধৰ্ষণৰ অভিযোগত অভিযুক্ত এজন লোকক জামিন দিয়াৰ ভিত্তিত এই পৰ্যবেক্ষণ কৰে।

উত্তৰ প্ৰদেশৰ শ্বাহৰণপুৰত১৯ বছৰীয়া এগৰাকী কিশোৰী লিভ ইন পাৰ্টনাৰ্পৰ দ্বাৰা ধৰ্ষণৰ বলি হোৱা গোচৰৰ শুনানি গ্ৰহণৰ সময়ত আদালতে পৰ্যবেক্ষণ কৰি এই মন্তব্য প্ৰদান কৰে।

জানিব পৰা মতে, এবছৰ ধৰি দুয়ো লিভ ইন ৰিলেশ্যন আছিল। কিন্তু যেতিয়া যুৱতীগৰাকী গৰ্ভৱতী হ’ল, তেতিয়া প্ৰেমিকে তাইক বিয়া কৰাবলৈ অস্বীকাৰ কৰে। তাৰ পিছত যুৱতীগৰাকীয়ে প্ৰেমিকৰ বিৰুদ্ধে বিয়াৰ প্ৰতিশ্ৰুতি দি বিয়া কৰিবলৈ অস্বীকাৰ কৰা আৰু প্ৰতিশ্ৰুতি দি যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ দাখিল কৰে। এই গোচৰত অভিযুক্তই এলাহাবাদ উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আবেদন কৰিছিল।

জামিন আবেদনৰ পিছত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সিদ্ধাৰ্থৰ একক বিচাৰপীঠে কয় যে লিভ-ইন ৰিলেশ্যনশ্যিপৰ সম্পৰ্কই কেতিয়াও নিৰাপত্তা, সামাজিক গ্ৰহণযোগ্যতা আৰু স্থিতিশীলতা প্ৰদান নকৰে। 

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে ভাবে যে ভৱিষ্যতে ই এক ডাঙৰ সমস্যা হৈ পৰিব। কিন্তু শেষত আদালতে অভিযুক্তক জামিন মঞ্জুৰ কৰে।