NORTHEAST NOW (Assamese)
Popular Stories

পৃথিৱীৰ প্ৰথম কক্ষপথ অতিক্ৰমি দ্বিতীয় কক্ষপথত সফলতাৰে প্ৰৱেশ ইছৰোৰ সৌৰযানৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 5, 2023 10:34 am

দ্বিতীয়টো পৰীক্ষাতো সফল হৈছে ইছৰোৰ আদিত্য এল-১ সৌৰযান। সফলভাৱে পৃথিৱীৰ প্ৰথম কক্ষপথ অতিক্ৰম কৰি সোমবাৰে নিশা দ্বিতীয় কক্ষপথত প্ৰৱেশ কৰে আদিত্যই। বৰ্তমান ইছৰোৰ সৌৰযান (আদিত্য এল ১) দ্বিতীয় কক্ষপথত ঘূৰি থকাৰ সময়ত সূৰ্য্যক নিৰীক্ষণ কৰি আছে। কিন্তু ইয়াতেই ৰৈ নাথাকে। আদিত্যৰ পৰৱৰ্তী লক্ষ্য হৈছে পৃথিৱীৰ তৃতীয় কক্ষপথ। ইছৰ’ই এইকথা প্ৰকাশ কৰিছে।

ইছৰোৰ তথ্য অনুসৰি, আদিত্য এল-১ সফলতাৰে পৃথিৱীৰ দ্বিতীয় কক্ষপথত প্ৰৱেশ কৰিছে। ইছৰোৰ বাংগালুৰু আৰু প’ৰ্ট ব্লেয়াৰৰ গ্ৰাউণ্ড ষ্টেচনৰ পৰা এই সৌৰযানখন পৰিচালনা কৰি আছে। বৰ্তমান আদিত্যই ২৪৫X২২৪৫৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন কক্ষপথত পৰিভ্ৰমণ কৰি আছে।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ কাম-কাজৰ শৈলীক লৈ ৰাজ্যৰ নেতাসকলৰ প্ৰশ্নৰ মাজতে হিমন্তক পাঠ দিলে কেন্দ্ৰীয় নেতৃত্বই!

অহা ১০ ছেপ্টেম্বৰত হ’ব আদিত্য এল-১ৰ তৃতীয় পৰীক্ষা। এই সৌৰযানখনে সেইদিনা পুৱা প্ৰায় ২:৩০ বজাত পৃথিৱীৰ তৃতীয় কক্ষপথত প্ৰৱেশ কৰিব। অৰ্থাৎ আদিত্যই লাহে লাহে পৃথিৱীৰ চাৰিওফালে ঘূৰি এটাৰ পিছত এটা কক্ষপথ অতিক্ৰমি সূৰ্য্যৰ পিনে যাব।

উল্লেখ্য যে চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত ইছৰ’ই ঘোষণা কৰিছিল যে এইবাৰ ইয়াৰ লক্ষ্য সূৰ্য্য। সেই ঘোষণা অনুসৰি ২ ছেপ্টেম্বৰ শনিবাৰে পুৱা ১১:৫০ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন কেন্দ্ৰৰ পৰা সৌৰযান আদিত্য এল-১ উৎক্ষেপণ কৰা হয়।

এয়া ভাৰতৰ প্ৰথম সৌৰযান। ১ হাজাৰ ৪৮০ কিলোগ্ৰাম ওজনৰ এই সৌৰযানখনে পৃথিৱীৰ তিনি-চাৰিটা কক্ষপথৰ পিছত পৃথিৱীৰ আকৰ্ষণ-বিকৰ্ষণৰ বাহিৰলৈ গুচি যাব। ইয়াৰ পিছত ই এটা নিৰ্দিষ্ট স্থানত উপস্থিত হৈ সূৰ্য্যক পৰ্যবেক্ষণ কৰি তথ্য প্ৰেৰণ কৰিব।