NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

আইছিছৰ নৰসংহাৰ: মালিত ভয়ংকৰ আক্ৰমণত সেনা-সাধাৰণ নাগৰিকসহ ৬৫ জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 8, 2023 12:53 pm
ISIS Mali attack

পুনৰ সক্ৰিয় হৈ উঠিছে কট্টৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছ। শেহতীয়া কিছুদিন ধৰি সৰু-বৰ কূটাঘাট চলাই অহা আইছিছে উত্তৰ-পূব মালিত কালি এক ভয়াৱহ আক্ৰমণ চলায়।

এখন সৰু জাহাজত আইছিছে চলোৱা এই ভয়াৱহ আক্ৰমণত প্ৰায় ৪৯ জন সাধাৰণ নাগৰিকৰ মৃত্যু হয়। একে সময়তে এক সেনা শিবিৰতো আক্ৰমণ চলাই আইছিছে ১৫ গৰাকী জোৱানক হত্যা কৰে।

আনহাতে সংঘৰ্ষত প্ৰায় ৫০ জন উগ্ৰপন্থীৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আইছিছৰ এই নৰসংহাৰৰ পিছতে মালি চৰকাৰে তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি, গাঅ’ চহৰৰ পৰা মপটিলৈ নাইজাৰ নদীৰে যাত্ৰাৰত সৰু জাহাজখনত উগ্ৰপন্থীয়ে আক্ৰমণ চলায়।

মালি সেনাৰ বিবৃতি মতে, জাহাজখনৰ ইঞ্জিনক লক্ষ্য কৰি কমেও তিনিটা ৰকেট আক্ৰমণ চলায় আইছিছে।