NORTHEAST NOW (Assamese)
দেশ

মাতৃৰ ওপৰত কৰা অত্যাচাৰত অতিষ্ঠ: যুৱকে হত্যা কৰিলে পিতৃ, ককাদেউতাকক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 11, 2023 5:51 pm
Greater Noida Double Murder

পুনৰ সংঘটিত হৈছে এক ডাবল মাৰ্ডাৰ কাণ্ড। এইবাৰ স্থান গ্ৰেটাৰ নয়ডা। ২১ বৰ্ষীয় এগৰাকী যুৱকৰ বিৰুদ্ধে উত্থাপন হৈছে পিতৃ আৰু ককাদেউতাকক হত্যাৰ অভিযোগ। যোৱা ৭ ছেপ্টেম্বৰৰ নিশা সংঘটিত হৈছে এই হত্যাকাণ্ড।

আৰক্ষীয়ে সদৰী কৰা মতে, জেচমিন নামৰ যুৱকগৰাকীয়ে ডাংকাউৰত নিৰ্মাণাধীন এক চলচ্চিত্ৰ ষ্টুডিঅ’ত পিতৃ বিক্ৰমজিৎ ৰাও আৰু ককাক ৰামকুমাৰক শুই থকা অৱস্থাতে হত্যা কৰে।

আৰক্ষীয়ে জেচমিনৰ উদ্ধৃতি দি জানিবলৈ দিয়া মতে, পিতৃৰ আতিশয্য আৰু অশালীন কাৰ্যকলাপে সমগ্ৰ পৰিয়ালটোক যথেষ্ট অশান্তি দি আহিছে। জেচমিনৰ অভিযোগ, তেওঁৰ মাতৃক প্ৰায়ে হাৰাশাস্তি কৰিছিল পিতৃয়ে।

এনে পৰিস্থিতিত মাতৃয়ে সন্তানৰ সৈতে স্বামীগৃহৰ পৰা ওলাই আহিছিল। বিক্ৰমজিৎ ৰাও গ্ৰেটাৰ নয়ডাত পৰিয়ালৰ পৰা পৃথকে বাস কৰিছিল। দম্পতীহালৰ বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া চলি আছিল বুলিও জানিব পৰা গৈছে।।

প্ৰকাশিত খবৰ অনুসৰি, চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নিশা জেচমিনে পিতৃক হত্যা কৰাৰ উদ্দেশ্যেৰে ষ্টুডিঅ’লৈ গৈছিল। তাত থকা কুঠাৰেৰে তেওঁৰ মুখ, ডিঙি আৰু মূৰত আক্ৰমণ কৰিলে জেচমিনে।

এই আক্ৰমণৰ সময়তে জেচমিনৰ পিতৃৰ কাষৰ বিচনাতে শুই থকা ককাকে সাৰ পায়। আক্ৰমণকাৰী জেচমিনক চিনি পোৱাৰ ভয়তে ককাককো মূৰ, ডিঙি আৰু মুখত আক্ৰমণ কৰে।

এই আক্ৰমণৰ পিছতো ককাক ৰামকুমাৰ লৰচৰ কৰি থকা দেখি জেচমিনে তেওঁ বাচিব পাৰে বুলি আশংকা কৰি হাতুৰীৰে মূৰত কেইবাবাৰো প্ৰহাৰ কৰে আৰু আক্ৰমণত ব্যৱহৃত সঁজুলিসমূহ বাথৰুমলৈ দলিয়াই ষ্টুডিঅ’ৰ পৰা ওলাই আহে।

ইতিমধ্যে আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে আৰু অভিযুক্ত জেচমিনকো গ্ৰেপ্তাৰ কৰিছে। ধৃত জেচমিনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে।