NORTHEAST NOW (Assamese)
Popular Stories

হিন্দু বাংলাদেশী : খিলঞ্জীয়াৰ গণ-হুংকাৰত ‘পলায়ন’ শিলচৰৰ ‘পাল’ৰ, শিলাদিত্যৰ আৰু কিমান দিন?

Posted by: এন ই নাও নিউজ May 8, 2018 8:46 pm
massive opposition against citizanship ammendment bill in guwahati

যুটীয়া সংসদীয় সমিতি ( JPC )য়ে আজি ৮ মে’ত শিলচৰত শুনানি অনুষ্ঠিত কৰা দিনটোতে শিলচৰ সমষ্টিৰ বিজেপি বিধায়ক দিলীপ পালৰ বিধান সভাৰ উপাধ্যক্ষ পদ ত্যাগৰ পিছত প্ৰশ্ন উঠিছে হিন্দু বাংলাদেশী সংস্থাপনৰ উগ্ৰ সমৰ্থন কৰি অহা হোজাইৰ শিলাদিত্য দেবৰ পদত্যাগলৈ কিমান দিন?

এতিয়া অসমৰ ৰাজনৈতিক মহলত চলিছে গৰম চৰ্চা। গুৱাহাটীৰ শুনানিত খিলঞ্জীয়াৰ বজ্ৰকঠিন প্ৰতিবাদৰ পিছত বিজেপি চৰকাৰে ভবাৰ দৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান সহজ নহ’ব বুলি বুজিয়েই পৃষ্ঠভংগ দিছে নেকি বিজেপি নেতাই!

শিলচৰ আৰু হোজাই দুয়োটা সমষ্টিতে আছে বুজনসংখ্যক হিন্দু বাংলাদেশী ভোটাৰ আৰু হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান আছিল বিজেপিৰ অন্যতম নিৰ্বাচনী প্ৰতিশ্ৰুতি।

হিন্দু বাংলাদেশীৰ ভোটতে বিজেপি জিকা বুলি বিজেপি নেতা ৰাজেন গোহাঁয়েই শেহতীয়াকৈ প্ৰকাৰান্তৰে স্বীকাৰ কৰিছিল। তাৰোপৰি ‘বিশ্বৰ যিকোনো হিন্দুৰ ভাৰতেই হ’ল স্ব-ভূমি’- ই হ’ল আৰ এচ এচ আৰু বিজেপিৰ নীতি।

৭ মে’তো নতুন দিল্লীৰ এক সংবাদমেলত বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেবে বিধেয়কখনৰ বিৰোধিতা কৰা সংগঠনসমূহে ‘মুছলিম মৌলবাদীৰ নিৰ্দেশত কাম কৰি আছে’ বুলি মন্তব্য কৰিছিল।

ধৰ্মৰ ভিত্তিত দেশৰ নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধন বিধেয়কৰ বিৰুদ্ধে দলৰ নেত্ৰী মীৰা বৰঠাকুৰেই প্ৰতিবাদ কৰি আহিছে। মিত্ৰজোঁটৰ প্ৰধান অংশীদাৰ অগপয়ো দিছে মিত্ৰতা ভংগৰ হুংকাৰ।

প্ৰশ্ন উঠিছে খিলঞ্জীয়াৰ বজ্ৰনিনাদত আজি কম্পমান নেকি ‘জাতীয় নায়ক’ৰ ‘জাতি-মাটি-ভেটি’ৰ চৰকাৰ?